নেশ্যনেল ডেস্ক,১২ আগষ্ট :চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চাঞ্চল্যকৰ ঘটনা । শ্ৰীলংকাৰ এটা পৰিয়ালৰ পৰা উদ্ধাৰ ভুৱা ভাৰতীয় পাছপ'ৰ্ট ! বিমানবন্দৰৰ পৰা আটত পৰিয়ালটো । পৰিয়ালটোৱে দাবী কৰা মতে তেওঁলোকে বৈধভাৱে পাছপ'ৰ্ট লাভ কৰিছিল । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
জানিব পৰা মতে শ্ৰীলংকাৰ কলম্বোৰ পৰা পত্নী, পুত্ৰ আৰু কন্যাসহ ৰামালান ছালাম নামৰ এজন ব্যক্তিয়ে বিমানেৰে কলম্বোৰ পৰা চেন্নাইত উপস্থিত হৈছিল । তেওঁলোকে বৃহস্পতিবাৰে পুৱা ১০.৪৫ বজাত শ্ৰীলংকাৰ ৰাজধানী চহৰৰ পৰা উৰা মাৰি চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল । সেই সময়ত, বিমানবন্দৰৰ ইমিগ্ৰেচন বিষয়াসকলে তেওঁলোকৰ পাছপ'ৰ্ট আৰু নথিপত্ৰ পৰীক্ষা কৰিছিল । কিন্তু শ্ৰীলংকাৰ নাগৰিক ৰামালান ছালাম আৰু তেওঁ পৰিয়ালৰ হাতত ভাৰতীয় পাছপ'ৰ্ট দেখি হতবাক বিষয়াসকল ।
শ্ৰীলংকাৰ নাগৰিকে কেনেকৈ লাভ কৰিলে ভাৰতীয় পাছপ'ৰ্ট ? বিষয়াসকলৰ সন্দেহ হোৱাত তেওঁলোকক সোধা-পোছা আৰম্ভ কৰে । পৰিয়ালটোৰ মুৰব্বী ছালামে কোৱা মতে তেওঁ ২০১১ চনত শ্ৰীলংকাৰ পৰা শৰণাৰ্থী হিচাপে তামিলনাডুলৈ আহিছিল । তাৰ পাছত, তেওঁ শ্ৰীলংকালৈ উভতি যোৱা নাছিল আৰু চেন্নাইৰ ভাণ্ডালুৰৰ ওচৰত আছিল । তাৰ পাছত তেওঁ আবেদন কৰি ভাৰতৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পেন কাৰ্ড আদি লাভ কৰিছিল । আনকি সেই নথিৰ আধাৰত তেওঁ আৰু তেওঁৰ পৰিয়ালে ভাৰতীয় পাছপ'ৰ্ট লাভ কৰিছিল বুলি ছালামে দাবী কৰে । তেওঁ কোৱা মতে ভাৰতীয় পাছপ'ৰ্ট লাভ কৰাৰ সময়ত ভাণ্ডালুৰ অটাৰী আৰক্ষী থানাৰ প্ৰমাণীকৰণ আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হৈছিল ।