অসম

assam

ETV Bharat / bharat

26 ভাৰতীয় মাছুৱৈক মুকলি কৰাৰ নিৰ্দেশ শ্ৰীলংকাৰ আদালতৰ - sri lankan court orders release of 26 indian fishermen

শ্ৰীলংকাৰ পানীত মাছ মৰাৰ অভিযোগত শ্ৰীলংকাৰ নেভীয়ে গ্ৰেপ্তাৰ কৰা 26 গৰাকী ভাৰতীয় মাছুৱৈক শ্ৰীলংকাৰ এখন আদালতে মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ বুধবাৰে শ্ৰীলংকাৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰে ৷

Sri Lankan court orders release of 26 Indian fishermen
Sri Lankan court orders release of 26 Indian fishermen

By

Published : Jan 13, 2021, 10:15 PM IST

নেচনেল ডেস্ক, 13 জানুৱাৰী:বুধবাৰে শ্ৰীলংকাৰ এখন আদালতে শ্ৰীলংকাৰ পানীত মাছ মৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা 26 গৰাকী ভাৰতীয় মাছুৱৈক মুকলি কৰাৰ নিৰ্দেশ দিয়ে ৷ অৱশ্যে আদালতে মাছুৱৈ কেইজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত জব্দ কৰা অন্যান্য সামগ্ৰীৰ লগতে চাৰিখন মেচিন নাৱক ৰাষ্ট্ৰীয়কৰণৰ নিৰ্দেশ প্ৰদান কৰে ৷

বিগত মাহত গ্ৰেপ্তাৰ হোৱা ৰামেশ্বৰমৰ 22 গৰাকী আৰু পুঠুকট্টাইৰ চাৰিগৰাকী মাছুৱৈক আদালতে মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ৷ মাছুৱৈ কেইগৰাকীক অদূৰ ভৱিষ্যতে অবৈধভাৱে শ্ৰীলংকাৰ পানীত প্ৰৱেশ নকৰিবলৈ সকীয়াই দি কয় যে ভৱিষ্যতে অনুৰূপ ঘটনা সংঘটিত হ'লে তেওঁলোকক দুই বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ব ৷

উল্লেখ্য যে জব্দকৃত নাঁও আৰু মাছ ধৰা সঁজুলি সমূহ তেওঁলোকৰ জীৱন ধাৰণৰ একমাত্ৰ উপায় বুলি কৈ স্থানীয় মাছুৱৈ সংস্থাসমূহে এই সঁজুলিসমূহ ৰাখি থোৱাৰ বিৰোধিতা কৰে ৷

লগতে পঢ়ক:বিহাৰত মুক-বধিৰ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ তিনি

For All Latest Updates

ABOUT THE AUTHOR

...view details