অসম

assam

ETV Bharat / bharat

গাদীত বহিবলৈ নৌপাওঁতেই নিলম্বন WFI ৰ নৱ-নিৰ্বাচিত সভাপতি সঞ্জয় সিঙক, কি হ’ব ভৱিষ্যৎ পৰিকল্পনা - WFI

Sanjay Singh: ক্ৰীড়া মন্ত্ৰালয়ৰ শেহতীয়া ঘোষণাৰ পিচতে সঞ্জয় সিঙৰ ভৱিষ্যতক লৈ বহুতো প্ৰশ্ন উত্থাপিত হৈছে । সিঙে ভৱিষ্যতৰ পৰিকল্পনা, নতুন ৰণনীতি প্ৰস্তুত কৰিবলৈ সিঙে অচিৰেই ব্ৰীজ ভূষণ চৰণ সিঙক লগ কৰিব বুলি ধাৰণা কৰা হৈছে ৷ পঢ়ক সবিশেষ ...

Sports Ministry suspends Sanjay Singh
নিলম্বন WFI ৰ নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙক

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 3:23 PM IST

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : 2023 বৰ্ষৰ আৰম্ভণিৰ লগে লগে ভাৰতীয় কুস্তি ফেডাৰেচন (WFI)ৰ তদানীন্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে সৃষ্টি হোৱা বিতৰ্কই দেশ কঁপাই তুলিছিল ৷ দেশলৈ গৌৰৱ কঢ়িয়াই অনা মহিলা মল্লযোদ্ধাসকলে তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন আৰু ভাবুকিৰ অভিযোগ তুলি দেশজুৰি খলকনিৰ সৃষ্টি কৰিছিল । ইয়াৰ পিচত, ব্ৰীজ ভূষণ চৰণ সিঙক ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল ।

বহু বিতৰ্কৰ পিচত যোৱা 21 ডিচেম্বৰত প্ৰাক্তন সভাপতি সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সভাপতি পদত নিৰ্বাচিত হৈছিল ৷ ইফালে, মল্লযোদ্ধা সাক্ষী মালিকে সাংসদগৰাকীৰ ঘনিষ্ঠ সহযোগীক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ পিচত অৱসৰৰ ঘোষণা কৰে । একে সময়তে, মল্লযোদ্ধা বজৰং পুনিয়াও ইয়াৰ প্ৰতিবাদ কৰি দিল্লীত উপস্থিত হয় আৰু তেওঁৰ পদ্মশ্ৰী সন্মান ঘূৰাই দিছিল ৷

দেওবাৰে বহু বিতৰ্কিত ভাৰতীয় কুস্তি ফেডাৰেচনক নিলম্বন কৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰীড়া মন্ত্ৰালয়ে ৷ পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কুস্তি ফেডাৰেচনক নিলম্বন কৰা হৈছে বুলি জানিবলৈ দিছে ক্ৰীড়া মন্ত্ৰালয়ে । ইয়াৰোপৰি নৱ-নিৰ্বাচিত সভাপতি সঞ্জয় সিঙক সংগঠনটোৰ সভাপতি পদৰ পৰাও নিলম্বিত কৰিছে মন্ত্ৰালয়ে ।

এই ঘোষণাৰ পিচতে সঞ্জয় সিঙৰ ভৱিষ্যতক লৈ বহুতো প্ৰশ্ন উত্থাপিত হ’বলৈ আৰম্ভ কৰিছে । তেওঁ চৰকাৰৰ এই সিদ্ধান্ত সহজে গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷ লগতে ভৱিষ্যতৰ পৰিকল্পনা, নতুন ৰণনীতি প্ৰস্তুত কৰিবলৈ সিঙে অচিৰেই ব্ৰীজ ভূষণ চৰণ সিঙক লগ কৰিব বুলি ধাৰণা কৰা হৈছে ৷

প্ৰাক্তন সভাপতি তথা সাংসদ ব্ৰীজ ভূষণে এই বিষয়ত বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰো সম্ভাৱনা আছে ৷ এই সিদ্ধান্তৰ ওপৰত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ কৰাৰ সম্ভাৱনা আছে ৷

এই বাতৰি প্ৰচাৰৰ পিচতে, নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙে ব্ৰীজ ভূষণ চৰণ সিঙৰ সৈতে ঘনিষ্ঠতাৰ মূল্য পৰিশোধ কৰিব লগা হৈছে বুলিও একাংশই আলোচনা কৰিছে ৷ সাংসদজনে WFI ৰ নিৰ্বাচনৰ পূৰ্বেই প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণৰ ঘনিষ্ঠ বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল । ইয়াৰ ফলতেই সঞ্জয় সিঙে সভাপতি পদত নিৰ্বাচিত হোৱাৰ বাবে মল্লযোদ্ধাসকলৰ মাজত প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

সঞ্জয় সিঙে বাৰাণসীত পৰিয়ালৰ সৈতে বাস কৰে:ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিৰুদ্ধে অলিম্পিক বিজয়ী মল্লযুঁজাৰুসকলে যোৱা 11 মাহ ধৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আছে ৷ খেলুৱৈসকলে সংগঠনটোৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে । সঞ্জয় সিং ডব্লিউএফআইৰ যুটীয়া সচিবো আছিল । সঞ্জয়ে কমনৱেলথ চেম্পিয়ন অনিতা সিং শ্বেৰানেক পৰাস্ত কৰি সভাপতি পদত নিৰ্বাচিত হৈছিল ৷

ইয়াৰ পিচতেই প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণৰ পুত্ৰই কৈছিল যে, কুস্তি সংস্থাৰ ওপৰত আমাৰ আধিপত্য আছিল আৰু থাকিব ৷ 2009 চনত সঞ্জয় সিঙে ৰাজ্যিক কুস্তি সংস্থাৰ উপ-সভাপতি নিৰ্বাচিত হয়। ইয়াৰ পিচতে সঞ্জয় সিঙে 21 ডিচেম্বৰ 2023 তাৰিখে অনুষ্ঠিত ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত হয়। অধ্যক্ষ পদৰ নিৰ্বাচনত সঞ্জয় সিঙে অনিতাক 33 টা ভোটত পৰাজিত কৰে। সঞ্জয় সিঙে 40 টা ভোট লাভ কৰিছিল, আনহাতে অনিতা শ্বেৰানে মাত্ৰ 7 টা ভোট লাভ কৰিছিল ৷

লগতে পঢ়ক:কোনদিশে ভাৰতীয় কুস্তি ফেডাৰেশ্য়নৰ ভৱিষ্যৎ? আজি হ’ব নিৰ্ণয়

ABOUT THE AUTHOR

...view details