নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ:ৰাজস্থানত বিজেপিয়েজয়ৰ দিশে আগবঢ়াৰ লগে লগে পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈও আৰম্ভ হৈছে জল্পনা-কল্পনাৰ ৷ৰাজস্থানৰ আলৱাৰৰ লোকসভাৰ সাংসদ আৰু 40 বছৰীয়া বালকনাথে ANIক এই সন্দৰ্ভত মতামত আগবঢ়োৱাৰ লগতে এইবাৰ বিজেপিয়ে এককভাৱে ৰাজস্থানত 120+ আসন লাভ কৰিব বুলি দাবী কৰে । দেওবাৰৰ পুৱা ভোটগণনা আৰম্ভ হোৱাৰ ঠিক আগতে বালকনাথে শিৱ মন্দিৰ দৰ্শন কৰি ভাল ফলাফলৰ বাবে প্ৰাৰ্থনা জনায় ।
ৰাজস্থানত 199 খন বিধানসভাৰ আসন আছে, বৰ্তমান বিজেপিয়ে 112 খন আসনত আগবাঢ়ি আছে আৰু বৰ্তমানৰ কংগ্ৰেছ দলে 70 খন আসনত দ্বিতীয় স্থানত আছে । বালকনাথৰ মতে বিজেপিৰ সহজ জয়ৰ কাৰণ হ’ল ৰাইজে কংগ্ৰেছৰ শাসনৰ পৰা মুক্তি পাব বিচাৰিছিল ।
দুৰ্নীতি, মহিলাৰ ওপৰত হোৱা অত্যাচাৰ, বৃদ্ধি পোৱা অপৰাধৰ প্ৰতি লক্ষ্য কৰি প্ৰাৰ্থীগৰাকীয়ে ৰাজস্থান কংগ্ৰেছক সমালোচনা কৰিছিল নিৰ্বাচনী প্ৰচাৰ সভাবোৰত । ফলাফলৰ এদিন পূৰ্বে শনিবাৰে বালকনাথে বিজেপিৰ মুখ্য কাৰ্যালয়ত সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰে ।