নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ :ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ (Russia and Ukraine conflict) ফলত তেলৰ মূল্য বৃদ্ধিক লৈ চিন্তিত (spike in price of oil) আৰু ই আমাৰ কঁকাল ভাঙিছে ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে এনেদৰে কয় । দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনৰ (US Secretary of State Antony Blinken) সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি জয়শংকৰে কয় যে উন্নয়নশীল দেশসমূহৰ মাজত তেওঁলোকৰ শক্তিৰ প্ৰয়োজনীয়তা কেনেদৰে সমাধান কৰা হয় তাক লৈ যথেষ্ট গভীৰ উদ্বেগৰ সৃষ্টি হৈছে ।
ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত তেওঁ কয়, "আমি ব্যক্তিগতভাৱে, ৰাজহুৱাভাৱে, গোপনীয়ভাৱে আৰু ধাৰাবাহিকভাৱে এই স্থিতি গ্ৰহণ কৰিছোঁ যে এই সংঘৰ্ষ কাৰো স্বাৰ্থত নহয় ।" আগবাঢ়ি যোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল আলোচনা আৰু কূটনীতিলৈ উভতি অহা বুলিও তেওঁ কয় । "চাওক, তেলৰ মূল্য সন্দৰ্ভত আমি চিন্তিত । কিন্তু আমি জনমূৰি ২,০০০ আমেৰিকান ডলাৰ অৰ্থনীতিৰ দেশ । তেলৰ মূল্যই যিহেতু আমাক মাধমাৰ শোধাইছে সেয়ে বিষয়টো আমাৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় ।
উল্লেখ্য, জয়শংকৰে ৰাছিয়ান তেলৰ (Russian oil) ওপৰত সোধা এটা প্ৰশ্নৰ উত্তৰত কয়, "অতীতত যেতিয়াই আমি কিবা অৱদান আগবঢ়াব পাৰিছোঁ, তেতিয়াই আমি তাক মুকলি কৰি দিছোঁ ।" "এই মুহূৰ্তত কিছুমান সমস্যা আছে ।" তেওঁ আৰু কয় । "আপুনি বুজিব লাগিব যে যোৱা কেইমাহমানত শক্তি বজাৰবোৰ ইতিমধ্যে যথেষ্ট চাপত আছে । বিশ্বব্যাপী দক্ষিণৰ দেশবোৰে সীমিত শক্তিৰ বাবে প্ৰতিযোগিতা কৰাটো কঠিন হৈ পৰিছে । সেয়া কেৱল মূল্য বৃদ্ধিৰ ক্ষেত্ৰতে নহয়, প্ৰায়ে উপলব্ধতাৰ ক্ষেত্ৰতো সেয়া পৰিলক্ষিত হৈছে ।"
"এই মুহূৰ্তত আমাৰ চিন্তাৰ বিষয় হৈছে যে ইতিমধ্যে চাপত থকা শক্তি বজাৰবোৰ নৰম হ'ব লাগিব । আমি যিকোনো পৰিস্থিতিৰ স্পষ্ট বিচাৰ কৰিম যে ই আমাক আৰু বিশ্বব্যাপী দক্ষিণৰ আন দেশবোৰক কেনেদৰে প্ৰভাৱিত কৰে । উন্নয়নশীল দেশসমূহৰ মাজত তেওঁলোকৰ শক্তি সুৰক্ষাৰ প্ৰয়োজনীয়তা কেনেদৰে সমাধান কৰা হয় বা সমাধান নকৰে সেই সন্দৰ্ভত যথেষ্ট গভীৰ উদ্বিগ্নতা আছে ।" জয়শংকৰে কয় ।