অসম

assam

ETV Bharat / bharat

Siddaramaiah swearing in today : মন্ত্ৰীসভাত স্থান পাব নেকি জগদীশ শ্বেট্টাৰে ? - Jagdish Shettar met Siddaramaiah

মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়াই আৰু প্ৰায় ২০ জনীয়া মন্ত্ৰীসভাই শনিবাৰে শপত গ্ৰহণ কৰিব (Siddaramaiah swearing)। মন্ত্ৰীসভাত জগদীশ শ্বেট্টাৰে স্থান পাব নে নাই তাক লৈ জল্পনা কল্পনা চলি আছে । অৱশ্যে নিৰ্বাচনত পৰাজিত হৈছে শ্বেট্টাৰ ।

Siddaramaiah swearing in today
মন্ত্ৰীসভাত স্থান পাব নেকি জগদীশ শ্বেট্টাৰে

By

Published : May 20, 2023, 12:24 PM IST

নেশ্যনেল ডেস্ক,২০ মে' :অৱশেষত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব সিদ্দাৰামাইয়াই । শনিবাৰে ডি কে শিৱকুমাৰেও উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব (Siddaramaiah swearing)। অনুমান কৰা হৈছে যে ২০ জনতকৈও অধিক মন্ত্ৰীয়ে সিদ্দাৰামাইয়াৰ সৈতে শপত ল'ব । ইতিমধ্যে দিল্লীত কেবিনেট চূড়ান্ত কৰা হৈছে (Swearing in of Karnataka Cabinet)।

মুখ্যমন্ত্ৰীৰ মনোনীত প্ৰাৰ্থী সিদ্দাৰামাইয়া আৰু শিৱকুমাৰ শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় । তেওঁলোকে হাইকমাণ্ডৰ সৈতে কেবিনেট সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে । কিন্তু সিদ্দাৰামাইয়া মন্ত্ৰীসভাত কোন কোন থাকিব ? এই সন্দৰ্ভত ৰাজনৈতিক চক্ৰত গণনা চলি আছে । ইফালে, বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰে শুকুৰবাৰে সিদ্দাৰামাইয়াক সাক্ষাৎ কৰে (Jagdish Shettar met Siddaramaiah)। তাৰ পাছতে তেওঁ নতুন কেবিনেটত যোগদান কৰাৰ সম্ভাৱনাক লৈ কৌতূহলৰ সৃষ্টি হৈছে ।

সিদ্দাৰামাইয়াক সাক্ষাৎ কৰাৰ পাছতে জগদীশ শ্বেট্টাৰে কয় যে মুখ্যমন্ত্ৰী বাছনি হোৱাৰ বাবে তেওঁ সিদ্দাৰামাইয়াক অভিনন্দন জনাবলৈ আহিছিল । তেওঁ আন একো আলোচনা কৰা নাই বুলিও দাবী কৰে । তেওঁ মন্ত্ৰীসভাত অংশ ল'ব নে নাই সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্বেট্টাৰে কয় যে কংগ্ৰেছ দলৰ নেতা, হাইকমাণ্ডে লোৱা সিদ্ধান্তৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ কোনো পদৰ বাবে আকাংক্ষীও নহয় বুলি শ্বেট্টাৰে স্পষ্ট কৰি দিয়ে (Jagdish Shettar in Siddaramaiah Cabinet)।

বিজেপিয়ে টিকট প্ৰদান নকৰাৰ বাবে হুবলি-ধাৰৱাড কেন্দ্ৰীয় সমষ্টিৰ বিধায়ক জগদীশ শ্বেট্টাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল । পাছত, তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰে আৰু নিৰ্বাচনত পৰাজিত হয় । কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত, বিজেপিয়ে লিঙ্গায়তসকলক অৱহেলা কৰি আছে বুলি তেওঁ অভিযোগ কৰিছিল । এনে পৰিস্থিতিত জগদীশ শ্বেট্টাৰ আৰু লক্ষ্মণ সাৱাদীয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে । ইফালে চৰ্চা হৈছে যে আথানিত জয়ী হোৱা লক্ষ্মণ সাবাদীয়ে বেলগাম কোটাৰ অধীনত মন্ত্ৰীসভাত যোগদান কৰিব ।

কিন্তু জগদীশ শ্বেট্টাৰক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে কাৰিকৰী সমস্যা হ'ব পাৰে । শ্বেট্টাৰে মন্ত্ৰীসভাত যোগদান কৰিব পাৰিব আৰু মন্ত্ৰী হিচাপে শপত ল'ব পাৰিব । হুবলি-ধাৰৱাড কেন্দ্ৰীয় সমষ্টিত পৰাজিত হোৱাৰ পাছত তেওঁ মন্ত্ৰী হোৱাৰ ৬ মাহৰ ভিতৰত বিধান পৰিষদৰ বিধায়ক বা সদস্য হ'ব লাগিব । বৰ্তমান ৰাজ্যখনত কোনো বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন হোৱাৰ সম্ভাৱনা নাই । সেয়েহে, যদি তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে তেওঁ এমএলচি হিচাপে নিৰ্বাচিত হ'ব লাগিব ।

লগতে পঢ়ক :Calcutta High Court : অভিষেক বেনাৰ্জীৰ আবেদন শুনিবলৈ অস্বীকাৰ কলিকতা হাইকোৰ্টৰ

ABOUT THE AUTHOR

...view details