অসম

assam

ETV Bharat / bharat

Conference of Satsang workers : ঝাৰখণ্ডত সৎসংগ কৰ্মীসকলৰ সন্মিলনৰ আয়োজন - conference of Satsang workers

ঝাৰখণ্ডৰ দেওঘৰত অনুষ্ঠিত হ'ব সৎসংগ কৰ্মীসকলৰ সন্মিলন (Conference of Satsang workers)। আগৰতলাৰ পৰা দেওঘৰলৈ বিশেষ ৰে'ল চলাবলৈ ৰে'ল মন্ত্ৰালয়ক অনুৰোধ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ (Tripura Chief Minister requested Railway Ministry)।

special train to Deoghar from Agartala
ঝাৰখণ্ডত সৎসংগ কৰ্মীসকলৰ সন্মিলন

By

Published : Jul 26, 2022, 6:46 PM IST

আগৰতলা, ২৬ জুলাই: ঝাৰখণ্ডৰ দেওঘৰত ৫ আগষ্টৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত হ'ব সৎসংগ কৰ্মীসকলৰ সন্মিলন (Conference of Satsang workers) । এই সন্মিলনলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাৰ পৰাও সৎসংগ কৰ্মীসকলে অংশ গ্ৰহণ কৰিব । এই লোকসকলৰ কোনো অসুবিধা নহ'বলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই বিশেষ ৰে'ল চলাবলৈ অনুৰোধ জনাইছে (Special trains from Agartala to Deoghar for SatSanga conference)।

মুখ্যমন্ত্ৰী ডাঃ সাহাই কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ক দেওঘৰৰ চাৰিদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰিব লগা ভক্তসকলৰ বাবে আগৰতলাৰ পৰা দেওঘৰলৈ বিশেষ ৰে'ল চলাবলৈ অনুৰোধ জনাইছে (Tripura Chief Minister requested Railway Ministry)। মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ সৈতে যোগাযোগ কৰা বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰি কৰিছে ।

মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীয়ে বিষয়টো অনুমোদন জনোৱা বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰত প্ৰকাশ । এই সন্দৰ্ভত ৰাজ্য চৰকাৰেও ৰেলৱেক অনুৰোধ জনাছে । উল্লেখ্য় যে, সৎসংগ কৰ্তৃপক্ষই ৰেলযোগে শ্ৰমিকসকলৰ ভ্ৰমণ ব্যয় বহন কৰিব ।

লগতে পঢ়ক:Tripura Covid Cases : ত্ৰিপুৰাত নতুনকৈ কোভিডত আক্ৰান্ত 431 গৰাকী

For All Latest Updates

ABOUT THE AUTHOR

...view details