নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ :দেশজুৰি চৰ্চাত সংসদৰ নিৰাপত্তা ভংগৰ ঘটনা ৷ যোৱা 13 ডিচেম্বৰত সংসদৰ ভিজিটাৰ গেলেৰীৰ পৰা দুজন অভিযুক্তই সদনত স্মোক এটেক কৰাৰ পিচতেই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইতিমধ্যে এই ঘটনাৰ লগত কেইবাজনো অভিযুক্তই কাৰাবাস খাটি আছে ৷
ইয়াৰ পিচতে অভিযুক্ত সাগৰ শৰ্মাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ দেওবাৰে সন্ধিয়া দিল্লীৰ এটা বিশেষ দল লক্ষ্ণৌত উপস্থিত হয় । দলটোৱে সংসদ ভৱনত প্ৰৱেশ কৰাৰ সময়ত সাগৰ শৰ্মাই পিন্ধা জোতা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰে । দলটোৱে জোতাৰ দোকানত উপস্থিত হৈ দোকানৰ মালিকজনক প্ৰায় তিনি ঘণ্টা ধৰি সোধা-পোছা কৰিছিল ৷ ইয়াৰোপৰি সাগৰ শৰ্মাৰ বাসগৃহত তেওঁৰ মাতৃ, পিতৃ আৰু ভগ্নীকো সোধা-পোছা কৰিছিল। প্ৰমাণ সংগ্ৰহ কৰাৰপিচতেই দলটো পুনৰ দিল্লীলৈ উভতি আহে ৷
ইফালে সাগৰৰ মাতৃয়ে দলটোৰ সৈতে পুত্ৰও ঘৰলৈ আহিব বুলি অপেক্ষাৰে বাট চাইছিল ৷ যেতিয়া দিল্লী আৰক্ষীৰ বিশেষ দলটো লক্ষ্ণৌত উপস্থিত হয় আৰু সাগৰৰ পৰিয়ালটোৱে জানিব পাৰে যে সাগৰ শৰ্মা অহা নাই, পৰিয়ালটো যথেষ্ট হতাশ হয় ৷ সম্প্ৰতি আৰক্ষীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সাগৰ শৰ্মাৰ পৰিয়ালৰ সৈতে কথা পাতি অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
সূত্ৰ অনুসৰি, সাগৰৰ পিতৃ ৰোশন লাল শৰ্মাই জেৰাত কৈছিল যে, তেওঁ এই বিষয়ে একো নাজানে। আনকি পৰিয়ালৰ সদস্যসকলৰ ওচৰত ইয়াৰ বিষয়ে কোনো তথ্য নাই। সাগৰ কেৱল ভগত সিঙৰ অনুগামী। সাগৰে কোনো লোকৰ প্ৰভাৱত এনে কাম কৰিছে। সাগৰৰ ঘৰত থকা বহুতো সামগ্ৰী আৰক্ষীয়ে জব্দ কৰি পৰীক্ষা কৰিছে ৷