অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত অনাথ শিশুৰ বাবে আশ্ৰয় গৃহ মুকলি - সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক

অনাথ শিশুসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে । পথৰ শিশুসকলৰ বাবে চৰকাৰে মুকলি কৰিলে বিশেষ আশ্ৰয় গৃহ । শিশুসকলৰ বাবে পৃথকে পৃথকে পুৰুষ-মহিলা ৱাৰ্ডেন থাকিব আশ্ৰয় গৃহত ।

shelter house
ত্ৰিপুৰাত অনাথ শিশুৰ বাবে আশ্ৰয় গৃহ মুকলি

By

Published : Sep 10, 2021, 5:04 PM IST

আগৰতলা,১০ ছেপ্টেম্বৰ :অনাথ শিশুসকলৰ বাবে ত্ৰিপুৰা চৰকাৰৰ সমাজ কল্যাণ আৰু সমাজ শিক্ষা বিভাগৰ এক আদৰণীয় পদক্ষেপ । অনাথ শিশুসকলৰ বাবে ত্ৰিপুৰা মহিলা আয়োগ ভৱনত (Women's Commission building) এক আশ্ৰয় গৃহ মুকলি কৰিলে চৰকাৰে । সুষম আহাৰৰ পৰা শিক্ষালৈ সকলো প্ৰাথমিক সুবিধা থাকিব এই আশ্ৰয় গৃহত ।

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে (Pratima Bhoumik) বৃহস্পতিবাৰে এই প্ৰকল্পটো উদ্বোধন কৰে । ত্ৰিপুৰাৰ সামাজিক শিক্ষা আৰু সমাজ কল্যাণ বিভাগৰ প্ৰচেষ্টাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, গৃহহীন শিশুসকলৰ প্ৰতি সহায় আগবঢ়োৱাৰ বাবে এয়া এক উদাৰ পদক্ষেপ । আগৰতলাৰ ৰাস্তাত শিশুসকলে মুকলি আকাশৰ তলতে নিশা কটোৱাৰ দৃশ্য তেওঁ দেখিছে ।

কিছুমান ক্ষেত্ৰত পিতৃ-মাতৃয়ে তেওঁলোকৰ কৰ্তব্যৰ পৰা আঁতৰি থাকে যাৰ বাবে শিশুসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰে । এই আশ্ৰয় গৃহটোৱে তেওঁলোকক এক সুৰক্ষিত স্থান প্ৰদান কৰাৰ লগতে তেওঁলোকে খাদ্য, শিক্ষা আৰু অন্যান্য মৌলিক সুবিধা লাভ কৰিব পাৰিব । তেওঁ লগতে কয় যে ৱাৰ্ডেনসকলৰ তত্বাৱধানত ছোৱালী আৰু ল'ৰাৰ বাবে বাসস্থানৰ পৃথক ব্যৱস্থা কৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে কয় যে, কন্যা শিশুৰ সঠিক সামাজিক সুৰক্ষা নিশ্চিত কৰাটো অতি আৱশ্যক আৰু সেই কাৰণে এতিয়া পৃথক ব্যৱস্থা কৰা হৈছে । লগতে পৃথক পৃথক পুৰুষ আৰু মহিলা ৱাৰ্ডেনৰ ব্যৱস্থা কৰা হৈছে । ত্ৰিপুৰা মহিলা আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত সমাজ কল্যাণ আৰু সমাজ শিক্ষা মন্ত্ৰী সান্তনা চাকমা (Santana Chakma) আৰু বিভাগটোৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে । জানিব পৰা মতে এতিয়ালৈকে আঠটা শিশু এই আশ্ৰয় গৃহত আছে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ: ঘটনাৰ তদন্ত কৰিব অপৰাধ শাখাই

ABOUT THE AUTHOR

...view details