নিউজ ডেস্ক, ১৩ জানুৱাৰী :ৰাজস্থানত এতিয়া চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে । বিশেষ বাহিনী (Special Force, Para)ৰ জোৱান অংকিত গুপ্তাৰ মৃতদেহ উদ্ধাৰৰ পিছতে অভাৱনীয় পৰিবেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলতে ।
যোৱা সপ্তাহত প্ৰশিক্ষণৰ অংশ হিচাপে কায়লানা হ্ৰদত জপিয়াইছিল 10 পেৰা কামাণ্ডো বেটালিয়নৰ কেপ্টেইন অংকিতে । তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল অংকিত গুপ্তা । অৱশেষত ঘটনাৰ ৬ দিনৰ পিছত মৃতদেহ উদ্ধাৰ কৰা হয় । মৰোণত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ প্ৰথমে দশম পেৰা কমাণ্ডো বেটেলিয়ান কেম্পত লৈ যোৱা হয় য'ত পৰিয়ালৰ উপস্থিতিত তেওঁৰ প্ৰতি শেষ সন্মান প্ৰদৰ্শন কৰা হয় ।