অসম

assam

ETV Bharat / bharat

গ্ৰীণ কৰিডৰেৰে অক্সিজেন টেংকাৰ পৰিবহন দিল্লীত - দ্ৰুত পৰিবহনৰ বাবে সমন্বয়

দিল্লীস্থিত গুৰু তেগ বাহাদুৰ চিকিৎসালয়লৈ অক্সিজেনৰ টেংকাৰ এখন পঠাবৰ বাবে দিল্লী আৰক্ষীয়ে সৃষ্টি কৰে গ্ৰীণ কৰিডৰৰ ৷ টেংকাৰখন যিমান সম্ভৱ চমু পথৰ মাজেৰে লৈ যোৱা হৈছিল আৰু অৱশেষত পুৱা প্ৰায় এঘণ্টাৰ ভিতৰত চিকিৎসালয়ত উপস্থিত হয় অক্সিজেনভৰ্তি টেংকাৰখন ৷

special-corridor-facilitated-for-oxygen-tanker-to-reach-guru-teg-bahadur-hospital-in-eastern-delhi etv bharat news
সেউজ কৰিডৰেৰে অক্সিজেন টেংকাৰ পৰিবহনৰ দিল্লীত

By

Published : Apr 24, 2021, 8:23 PM IST

নেচনেল ডেস্ক, 24 এপ্ৰিল: অক্সিজেনৰ তীব্ৰ সংকটত এতিয়া দেশৰ ৰাজধানী দিল্লী ৷ শনিবাৰে দিল্লীস্থিত গুৰু তেগ বাহাদুৰ চিকিৎসালয়লৈ অক্সিজেনৰ টেংকাৰ এখন পঠাবৰ বাবে দিল্লী আৰক্ষীয়ে সৃষ্টি কৰে গ্ৰীণ কৰিডৰৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, চিকিৎসালয়খনৰ বাবে গাজিয়াবাদৰ মোডীনগৰৰ ইনোক্স প্ৰকল্পৰ পৰা অক্সিজেন টেংকাৰখনৰ পৰিবহণত আৰক্ষীৰ সহায়ৰ বাবে নোডেল বিষয়াৰ পৰা এটা ফোন আহিছিল ।

তাৎক্ষণিকভাৱে আৰক্ষীয়ে চালক আৰু টেংকাৰৰ তথ্য সংগ্ৰহ কৰি গাজিয়াবাদৰ আৰক্ষী উপ আয়ুক্ত আৰু গ্ৰাম্য গাজিয়াবাদৰ শীৰ্ষ আৰক্ষীৰ সৈতে যোগাযোগ কৰি গ্ৰীণ কৰিডৰেৰে দ্ৰুত পৰিবহণৰ বাবে এক সমন্বয় প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ উল্লেখ্য যে, টেংকাৰখন যিমান সম্ভৱ চমু পথৰ মাজেৰে লৈ যোৱা হৈছিল আৰু অৱশেষত পুৱা প্ৰায় এঘণ্টাৰ ভিতৰত চিকিৎসালয়ত উপস্থিত হয় অক্সিজেনভৰ্তি টেংকাৰখন ৷

লগতে পঢ়ক :অ’এনজিচিৰ কৰ্মচাৰী অলকেশৰ ঘৰত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details