অসম

assam

ETV Bharat / bharat

Uddhav Turns Heat on Shinde Govt : অধ্যক্ষই নিৰ্ণয় কৰিব লাগিব ১৬ বিধায়কৰ ভাগ্য; উদ্ধৱ থাকৰে - Supreme Court verdict on Shinde govt

শিৱসেনা-ভাৰতীয় জনতা পাৰ্টীক জনসাধাৰণৰ চূড়ান্ত আদালতত বিচাৰৰ বাবে সাজু হৈ থাকিবলৈ কয় উদ্ধৱ থাকৰেয়ে । তেওঁ এই মন্তব্যৰ জৰিয়তে নিৰ্বাচনৰ সন্মুখীন হ'বলৈ সাহস গোটাবৰ ইংগিত দিয়ে শিৱসেনা তথা ভাৰতীয় জনতা পাৰ্টীক (Uddhav Thackeray slams Siv Sena and BJP) ।

Uddhav Turns Heat on Shinde Govt
Uddhav Turns Heat on Shinde Govt

By

Published : May 12, 2023, 4:38 PM IST

নিউজ ডেস্ক, ১২ মে':মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিশে উদ্ধৱ থাকৰেক ক্ষমতাৰ বাবে ক্ষুধাৰ্ত বুলি সমালোচনা (Devendra Fadnavis criticized Uddhav Thackeray) কৰাৰ এদিন পিচত উদ্ধৱ থাকৰেয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ ক্ষমতাৰ বাবে আদৰ্শ ত্যাগ কৰিছিল । শুকুৰবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উদ্ধৱে লগতে কয় যে, তেওঁ কেতিয়াও বিশ্বাসঘাতকসকলৰ সৈতে কাম কৰিব নিবিচাৰে (Uddhav Turns Heat on Shinde Govt) । সেয়েহে তেওঁ পদত্যাগ কৰে । আনহাতে, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰক অতি সোনকালে ১৬ জন বিধায়কৰ অযোগ্যতাৰ বিষয়ত সিদ্ধান্ত ল'বলৈও দাবী জনায় ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ ৰাজনৈতিক সংকটৰ ওপৰত দিয়া ৰায়ৰ এদিন পিছতে তেওঁ এই দাবী উত্থাপন কৰে (Supreme Court verdict on Shinde govt) । প্ৰণিধানযোগ্য যে, একনাথ শিন্দেৰ বিদ্ৰোহৰ ফলত তেওঁৰ নেতৃত্বত তিনিদলীয় মহা বিকাশ আঘাড়ী (Maha Vikas Aghadi) চৰকাৰৰ পতন ঘটে । পিছত শিন্দেয়ে মুখ্যমন্ত্ৰী হ'বলৈ বিজেপিৰ সৈতে হাত মিলায় (Maharashtra CM Eknath Shinde) ।

আনফালে থাকৰেৰ দলৰ সহকৰ্মী অনিল পাৰাবে কয় যে তেওঁলোকে অধ্যক্ষ নৱাৰকাৰলৈ পত্ৰ লিখি তেওঁক অতি সোনকালে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'বলৈ আহ্বান জনাব । "১৬ জন বিধায়কক দিয়া জীৱনৰ উপহাৰ অস্থায়ী, কাৰণ উচ্চতম ন্যায়ালয়ে এটা যুক্তিসংগত সময় দিছে আৰু ইয়াৰ সীমাবদ্ধতা আছে । অধ্যক্ষই অতি সোনকালে তেওঁৰ সিদ্ধান্ত ল'ব লাগিব ।" থাকৰেয়ে কয় ।

পদত্যাগ নকৰিলে তেওঁক মুখ্যমন্ত্ৰী পদত পুনৰ সংস্থাপিত কৰিব পাৰিলেহেঁতেন বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দি থাকৰেয়ে কয় যে, ইয়াৰ অৰ্থ হৈছে যে ৰাজ্যপালৰ কাৰ্যকলাপ যেনে তেওঁক সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে আহ্বান জনোৱাটো অবৈধ আছিল ।

"ইয়াৰ অৰ্থ হৈছে বৰ্তমানৰ চৰকাৰখন অবৈধ । মই মোৰ সিদ্ধান্তত সন্তুষ্ট, কাৰণ মই নৈতিকতাৰ বাবে পদত্যাগ কৰিছিলোঁ ।" থাকৰেয়ে কয় । আনহাতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে থাকৰেক পুনৰ বাহাল কৰাৰ সম্ভাৱনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে উদ্ধৱ থাকৰেক সমালোচনা কৰি উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিশে বৃহস্পতিবাৰে কয় যে, থাকৰেয়ে ক্ষমতাৰ বাবে তেওঁৰ আদৰ্শ ত্যাগ কৰিছে । আনহাতে, তেওঁৰ উত্তৰাধিকাৰী একনাথ শিন্দেয়ে ক্ষমতাতকৈ আদৰ্শ বাছি লৈছে ।

উল্লেখ্য, উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰকাশ হোৱাৰ পিছদিনা ফাড়নভিশে মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ সৈতে এক যুটীয়া সংবাদমেলত নিজৰ মতামত ব্যক্ত কৰে । শিন্দে আৰু ফাড়নভিশৰ পদত্যাগ দাবী কৰা উদ্ধৱ থাকৰেৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "নৈতিকতাৰ বিষয়ে কথা পাতিবলৈ উদ্ধৱ থাকৰে কোনো প্ৰকাৰে উপযুক্ত নহয় । মই তেওঁক সুধিব বিচাৰোঁ যে তেওঁ মুখ্যমন্ত্ৰী পদৰ বাবে এনচিপি আৰু কংগ্ৰেছৰ সৈতে হাত মিলোৱাৰ সময়ত তেওঁৰ নৈতিকতা পাহৰি গৈছিল নেকি । তেওঁ নৈতিকতাৰ ভিত্তিত পদত্যাগ কৰা নাছিল । তেওঁৰ সৈতে থকা লোকসকলে তেওঁক এৰি যোৱাৰ পিছত ভয়ৰ বাবেহে তেওঁ পদত্যাগ কৰিছিল ।"

ইফালে শুকুৰবাৰে উদ্ধৱে কয় যে, উচ্চতম ন্যায়ালয়ৰ ৰায়টোৱে শিন্দে-বিজেপি চৰকাৰৰ কুৎসিত মুখখন উন্মোচিত কৰিছে । "মই এদল বিশ্বাসঘাতকৰ সৈতে ক্ষমতা উপভোগ কৰিব বিচৰা নাছিলোঁ, সেয়েহে মই পদত্যাগ কৰিছিলোঁ । মই নৈতিক ভিত্তিত পদত্যাগ কৰিছিলোঁ ।" তেওঁ এক সংবাদমেলত কয় ।

লগতে থাকৰেয়ে শিন্দে গোট আৰু বিজেপিক সাহস থাকিলে নিৰ্বাচনৰ সন্মুখীন হ'বলৈ প্ৰত্যাহ্বান জনাইছে । উদ্ধৱ থাকৰেয়ে লগতে সতৰ্ক কৰি দিছে যে যদি বিধানসভাৰ অধ্যক্ষই কোনো উন্মাদ সিদ্ধান্ত লয়, তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰিব ।

আনহাতে, বিজেপিক লক্ষ্য কৰি তেওঁ কয় যে গেৰুৱা দলটোৱে বিশ্বাসঘাতকসকলৰ জৰিয়তে ষড়যন্ত্ৰ কৰি আছে, যিসকলে শিৱসেনাক উভালি পেলাইছে । তেওঁ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগৰো দাবী জনায় আৰু কয় যে মোডীয়ে শিন্দে চৰকাৰক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা উচিত ।

লগতে পঢ়ক :Lok Sabha Polls 2024 : তৃতীয় শক্তিৰ সম্ভাৱনীয়তাক অস্বীকাৰ নবীন পাটনায়কৰ

ABOUT THE AUTHOR

...view details