নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : বিহাৰৰ মতিহাৰীত বিষাক্ত সুৰা সেৱনৰ ফলত 22 জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে ৷ পূৰ্বে আৰক্ষীয়ে 6 জন লোকৰ মৃত্যুৰ কথা জনাইছিল যদিও তদন্তৰ অন্তত পোহৰলৈ আহে যে মৃত্যু হোৱা আটাইকেইজন লোকে সেৱন কৰিছিল বিষাক্ত সুৰা । এই ক্ষেত্ৰত ২ জন বিষয়া আৰু ৯ জন চকীদাৰক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে (Motihari Hooch Tragedy ) ।
আৰক্ষীৰ ফালৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি আৰক্ষী অধীক্ষক কান্তেশ কুমাৰ মিশ্ৰই কয় যে এই পৰ্যন্ত ২২ জন লোকৰ বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হৈছে ৷ ইয়াৰে ৬ জনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে ৷ মুঠ ১৫ জন লোক সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, এই গোচৰত ৭০ জন সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে (SP Kantesh Kumar Mishra)।
দুৰ্ভাগ্যৰ বিষয় যে, বহু মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া মৰণোত্তৰ পৰীক্ষা অবিহনে সম্পন্ন কৰা হৈছিল ৷ আচলতে প্ৰশাসনে পূৰ্বে এই ঘটনাত মাত্ৰ ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছিল । কিন্তু যোৱা শুকুৰবাৰৰ পৰা বিষাক্ত সুৰা সেৱনৰ বাবে মৃত্যু ঘটা আৰম্ভ হৈছিল ৷ ঘটনাৰ উচিত তদন্তৰ বাবে পাটনাৰ পৰা তিনিজনীয়া তদন্তকাৰী দল মতিহাৰীলৈ গৈছে বুলি জানিবলৈ পৰা গৈছে । দলটোত আছে চি আই ডি, প্ৰডাক্ট এণ্ড প্ৰহিবিচন আৰু ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ তিনিজন লোক । বিষয়টোৰ তদন্তৰ অন্তত এই দলটোৱে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব, তাৰ পিচত দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব (Motihari Poisonous Liquor Case )।