নেশ্যনেল ডেস্ক, ১৪ আগষ্ট :নতুন দিল্লীত চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে । এইবাৰ চিলনী চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী শিক্ষয়িত্ৰী । হাস্পতালত ভৰ্তি শিক্ষয়িত্ৰীগৰাকী ।
উল্লেখ্য যে ৰাজধানী চহৰ দিল্লীত চুৰি, ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি হোৱাৰ অভিযোগ উঠিছে । ইয়াৰ মাজতে শুকুৰবাৰে দিল্লীৰ এখন প্ৰতিষ্ঠিত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ হাতত পৰা ফোন কাঢ়ি নিয়াৰ চেষ্টা কৰে এটা চিলনী চোৰৰ দলে । ফলত অটো ৰিক্সাৰ পৰা বাগৰি পৰে শিক্ষয়িত্ৰীগৰাকী । কেৱল এয়াই নহয় বাইকত অহা তিনি দুৰ্বৃত্তই শিক্ষয়িত্ৰীগৰাকীক ৰাস্তাৰে চোঁচৰাই লৈ যায় । ফলত শিক্ষয়িত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয় ।
জানিব পৰা মতে ১১ আগষ্টৰ আবেলি প্ৰায় ৩.২৩ বজাত ঘটনাটো সংঘটিত হয় । চাকেত আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহে । আৰক্ষী সূত্ৰই জনোৱা মতে অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে ভুক্তভোগী মহিলাগৰাকীৰ হাতৰ পৰা এটা আইফোন কাঢ়ি নিবলৈ চেষ্টা কৰি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ।