নেশ্যনেল ডেস্ক,12 নৱেম্বৰ:অভিনেতা চনু সুদে ঘোষণা কৰিছে যে,তেওঁ ল'ক ডাউনৰ সময়ত প্ৰবাহকাৰী শ্ৰমিকৰসকলক কৰা সহায়ৰ অভিজ্ঞতাৰ সকলো কাহিনী সম্বলিত এখন গ্ৰন্থ লিখি আছে ৷ "I Am No Messiah" শীৰ্ষক কিতাপ খন অভিনেতা গৰাকীয়ে নিজে সন্মুখীন হোৱা আৱেগিক প্ৰত্যাহ্বান বোৰৰ কথা লিপিবদ্ধ কৰাৰ উদ্দেশ্যেই লিখিছে বুলি প্ৰকাশ কৰিছে ৷
তেওঁ কয় যে,মানুহবোৰে অতি মৰমেৰে মোক মেচিহ বুলি নামাকৰণ কৰিছে। কিন্তু মই সঁচাকৈয়ে বিশ্বাস কৰো যে মই কোনো মেচিহ নহয় । মোৰ বিবেকে মোক কোৱা কামটোহে মই কৰো। মানুহ হিচাপে আমাৰ দায়িত্ব যে আমি সহানুভূতিশীল আৰু বিপদৰ সময়ত ইজনে আনজনক সহায় কৰিব লাগে ৷