নিউজ ডেস্ক, 10 জানুৱাৰী : বলীউডৰ অভিনেতা ছনু চুডে তেওঁৰ জুহুস্থিত বাসগৃহ অবৈধ বুলি বৃহন মুম্বাই পৌৰ নিগমে জাৰী কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে । অভিনেতাগৰাকীৰ অধিবক্তা ডি পি সিঙে যোৱা সপ্তাহত ন্য়ায়ালয়ত চুডৰ ছয়মহলীয়া শক্তি সাগৰ নামৰ ভৱনটোত অবৈধভাবে নিৰ্মাণ কৰা নাই বুলি এখন আবেদন দাখিল কৰিছিল । ন্যায়াধীশ পৃথ্বিৰাজ চাৱনৰ এখন বেঞ্চে সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ।
বৃহন মুম্বাই পৌৰ নিগমৰ বিৰুদ্ধে বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ছনু চুড - বৃহান মুম্বাই পৌৰ নিগম
ছনু চুডৰ বাসগৃহ অবৈধ বুলি বৃহন মুম্বাই পৌৰ নিগমে জাৰী কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে অভিনেতা গৰাকী ৷
বৃহান মুম্বাই পৌৰ নিগমৰ বিৰুদ্ধে বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ ছনু সুদ
অভিনেতাগৰাকীয়ে আবেদনখনত বিএমচিৰ পৰা অনুমতি লোৱা ভৱনটোত কোনো পৰিৱৰ্তন কৰা নাই । কেৱল মহাৰাষ্ট্ৰ আঞ্চলিক আৰু টাউন পৰিকল্পনা (এমআৰটিপি) আইনৰ অধীনত কিছু সালসলনি কৰা হৈছে উল্লেখ কৰা হয় ৷ বিগত বৰ্ষত অভিনেতাগৰাকীয়ে বিএমচিৰ পৰা জাননী পোৱাৰ পিছত অভিনেতাজনে চিভিল ক’ৰ্টত দ্বাৰস্থ হৈছিল আৰু তাৰ পাছত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত আবেদন কৰে ৷
লগতে পঢ়ক :জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ