অসম

assam

ETV Bharat / bharat

Parents killed son: এনে পুত্ৰ হোৱাতকৈ নোহোৱাই ভাল: পিতৃ-মাতৃয়ে হত্যা কৰিলে পুত্ৰক - এনে পুত্ৰ হোৱাতকৈ নোহোৱাই ভাল

পুত্ৰৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ 4 লাখ টকাৰ চুপাৰি দি পুত্ৰক হত্যা কৰোৱালে পিতৃ-মাতৃৰ লগতে খুড়াক সহ চাৰি হত্যাকাৰীয়ে (Parents killed son in Telengana) ৷

Son's misbehavior...Parents who got fed up and killed
এনে পুত্ৰ হোৱাতকৈ নোহোৱাই ভাল: পিতৃ-মাতৃয়ে হত্যা কৰিলে পুত্ৰক

By

Published : Nov 1, 2022, 6:06 PM IST

Updated : Nov 1, 2022, 10:20 PM IST

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ:আমাৰ এনে সন্তান হোৱাতকৈ নোহোৱাই ভাল ৷ এহাল পিতৃ-মাতৃৰ কাৰণে নিজ সন্তানটো বহুত মৰমৰ ৷ কিন্তু সেই সন্তানেই যেতিয়া উভতগোৰে নাচে তেতিয়া পিত-মাতৃও অতিষ্ঠ হয় ৷ এনে অনুৰূপ ঘটনা সংঘটিত হৈছে তেলেংগানাত (Murder case in Telengana) ৷ পুত্ৰৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ 4 লাখ টকাৰ চুপাৰি দি পুত্ৰক হত্যা কৰিলে পিতৃ-মাতৃৰ লগতে খুড়াক সহ চাৰি হত্যাকাৰীয়ে (Parents killed son in Telengana) ৷

তেলেংগানাৰ সূৰ্যপেট জিলাৰ মুচি নদীত যোৱা 19 অক্টোবৰত এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল (Youth rescued in Karnataka) ৷ ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো সন্দৰ্ভত তদন্ত কৰোতে যুৱকজন খাম্মামৰ চাইনাথ (26)বুলি জানিব পৰা গৈছিল ৷

ঘটনা অনুসৰি খাম্মামৰ নিবাসী ক্ষত্ৰিয় ৰাম সিং আৰু ৰাণীবাই নামৰ দম্পতীটোৱে নিজ পুত্ৰ আৰু কন্যাৰ সৈতে বাস কৰিছিল ৷ স্নাতক মহলাত শিক্ষা আধা সাং কৰিয়েই চাইনাথে ঘৰত পিতৃ-মাতৃৰ লগত উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰিছিল ৷ ইয়াৰ লগে লগে চাইনাথে নিচাযুক্ত সামগ্ৰীৰ আসক্তিতো বেয়াকৈ পৰিছিল ৷ উপায়ন্তৰ হৈ পিতৃ-মাতৃয়ে চাইনাথক বহুত বুজনি দিছিল যদিও সেই বুজনিয়ে কোনো কাম নিদিলে ৷ অৱশেষত ঘৰৰ লোকে সঠিক দিশত আহিবলৈ বিয়া পাতি দিছিল চাইনাথক ৷

বিগত চাৰিবছৰ ধৰি পৰিয়ালৰ লোকে ভীষণ অশান্তিত কটাব লগীয়া হৈছিল ৷ শেহতীয়াকৈ চাইনাথে শাহুৱেকৰ লগত অসভ্যালি কৰা আৰম্ভ কৰিছিল ৷ পুত্ৰৰ এই অৱনতি দেখি ঘৰৰ লোকে চাইনাথক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল ৷

সেই পৰিকল্পনা অনুসৰি চাইনাথৰ পৰিয়ালে খুড়াকৰ লগত কথা পাতি পুত্ৰক হত্যা কৰাৰ মানসেৰে 4 লাখ টকাত এটা হত্যাকাৰী ঠিক কৰে ৷ ১৮ অক্টোবৰত সত্যনাৰায়ণ সিং আৰু ৰবিয়ে চাইনাথক নলগোণ্ডা জিলাৰ কাল্লেপল্লীৰ মাইচাম্মা মন্দিৰলৈ লৈ যায়। তেওঁলোক একেলগে সুৰাপান কৰি চাইনাথক হত্যা কৰি মৃতদেহটো গাড়ীৰে লৈ গৈ মুচি নদীত পেলাই দিছিল।

ইয়াৰ পিছদিনা মৃতদেহটো নদীত ওপঙি থকা অৱস্থাত পোৱা গৈছিল আৰু আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছিল। মৃতদেহ উদ্ধাৰ কৰাৰ তিনিদিনৰ পিছত চাইনাথৰ পিতৃ-মাতৃয়ে মৃতদেহটো লৈ গৈছিল ৷

আৰক্ষীয়ে সেই স্থানত থকা চিচিটিভি কেমেৰা পৰীক্ষা কৰাৰ পিছত নিশ্চিত কৰে যে হত্যাৰ দিনা মৃতকৰ পিতৃ-মাতৃয়ে অনা একেখন গাড়ীয়েই আছিল। লগে লগে আৰক্ষীয়ে পিতৃ-মাতৃক জেৰা কৰিছিল ৷ তেওঁলোকে স্বীকাৰ কৰিছিল যে তেওঁলোকে নিজ পুত্ৰক হত্যা কৰিছিল। আৰক্ষীয়ে এই স্বীকাৰোক্তিৰ পিছতে মাক-দেউতাক আৰু খুৰাকৰ সৈতে চাৰি লোকক গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ লগত জড়িত আন এজন ব্যক্তি এতিয়াও পলাতক ৷

লগতে পঢ়ক:Women Trafficking in Barpeta: 1 লাখ 20 হাজাৰ টকাত বিক্ৰী কৰা কিশোৰীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

Last Updated : Nov 1, 2022, 10:20 PM IST

ABOUT THE AUTHOR

...view details