নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ :সমাগত তেলেংগানাৰ বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে কংগ্ৰেছে ৰাজ্যখনত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । দুদিনীয়া কাৰ্যসূচীৰে হায়দৰাবাদত আয়োজিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ পাচতে দলটোৱে তেলেংগানাৰ ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে । তাৰ অংশস্বৰূপে কংগ্ৰেছে ৰাজ্যখনত ৬ টা নিৰ্বাচনী গ্যেৰাণ্টি ঘোষণা কৰিছে ।
এক বিশাল ৰেলীত গ্যেৰাণ্টি ঘোষণা কৰাৰ পাছত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু দলৰ সাংসদ ৰাহুল গান্ধী দেওবাৰে সন্ধিয়া দিল্লীলৈ উভতি গৈছে । দুয়োগৰাকী নেতাই হায়দৰাবাদত পুনৰ গঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ উদ্বোধনী সভাত অংশগ্ৰহণ কৰিছিল । দিল্লীত উপস্থিত হোৱাৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে দুয়োগৰাকী নেতাৰ আলোচনাৰ দৃশ্যও সামাজিক মাধ্যমত শ্বেয়াৰ কৰা দেখা গৈছে ।
কংগ্ৰেছে তেলেংগানা ৰাইজৰ বাবে গ্যেৰাণ্টি ঘোষণা কৰাৰ সময়ত দলটোৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে, কংগ্ৰেছে দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰি আৰু প্রান্তিক শ্ৰেণীৰ বাবে এক উন্নত জীৱন নিশ্চিত কৰাৰ বাবে তেলেংগানাক এখন সমৃদ্ধ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ ৬ টা গেৰাণ্টি ঘোষণা কৰিছে ।