নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ :কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে মল্লিকাৰ্জুন খাৰ্গেয়ে ইতিমধ্যে এবছৰ সম্পূৰ্ণ কৰিছে । তাৰ লগত সংগতি ৰাখি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে খাৰ্গেৰ ৰাজহুৱা জীৱনৰ ৫ দশকৰ ওপৰত লিখা এখন বিশেষ গ্ৰন্থ উন্মোচন কৰিব । শুখাদেৱ থোৰাট আৰু চেতন সিন্দেৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনত খাৰ্গেৰ ৰাজনৈতিক ব্যস্ততাৰ ৫ দশক আৰু তেওঁৰ সামাজিক ন্যায় আৰু অন্তৰ্ভুক্তিৰ ৰাজনীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।
খাৰ্গেয়ে ২০২২ চনৰ ১৯ অক্টোবৰত তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰক আভ্যন্তৰীণ নিৰ্বাচনত পৰাস্ত কৰি দলৰ শীৰ্ষ পদলৈ নিৰ্বাচিত হৈছিল ৷ য'ত সমগ্ৰ দেশৰ পৰা ৯,০০০ তকৈও অধিক প্ৰতিনিধিয়ে ভোট দান কৰিছিল । তেওঁ ২৬ অক্টোবৰত কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল । দলৰ নেতাসকলৰ মতে এই পৰিৱৰ্তনৰ ফলত দলটোত যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰে এগৰাকী ব্যক্তি দলৰ মুৰব্বী হৈছিল । কিন্তু খাৰ্গেৰ কাৰ্যকালৰ প্ৰথম বছৰটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল ।
অৱশ্যে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে সফলতাৰে এই ভূমিকা পালন কৰিছে বুলি দলৰ নেতাসকলে দাবী কৰে । ১৯৯৬ চনত কংগ্ৰেছৰ অন্তিমগৰাকী অনা গান্ধী পৰিয়ালৰ সভাপতি আছিল সীতাৰাম কেছৰী । শৰদ পাৱাৰ আৰু ৰাজেশ পাইলটক পৰাস্ত কৰি তেওঁ দলৰ শীৰ্ষ পদলৈ নিৰ্বাচিত হৈছিল ।
এআইচিচিৰ কৰ্মকৰ্তা মনীষ চত্ৰথে ইটিভি ভাৰতক কয় যে ই এক অতি সমৃদ্ধ ৰাজনৈতিক জীৱন । ৫ দশক ধৰি ৰাজনীতিত থকাটো এটা ডাঙৰ সাফল্য । খাৰ্গেয়ে কমেও ১০ টা নিৰ্বাচনত যুঁজিছে আৰু মাত্ৰ এবাৰহে পৰাজিত হৈছে । তেওঁ সকলো সময়তে মানুহৰ সমস্যাবোৰ দাঙি ধৰিছিল আৰু এতিয়াও একেটা বিষয়ৰ ওপৰতে কাম কৰি আছে । খাৰ্গেক প্ৰশংসা কৰি তেওঁ কয় যে খাৰ্গেৰ যথেষ্ট শক্তি আছে । তেওঁ কৰ্ণাটক নিৰ্বাচনত ২৫ খন ৰাজহুৱা সভা সম্বোধন কৰিছিল আৰু শেহতীয়াকৈ ৫ খন ৰাজ্যৰ নিৰ্বাচনত সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছে । খাৰ্গে এতিয়াও তেলেংগানাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে ।