নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra)। জানিব পৰা মতে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৰ্ণাটকত 'ভাৰত জোড়ো যাত্ৰা'ত অংশগ্ৰহণ কৰিব (Sonia Gandhi and Priyanka to join Congress Yatra)। ৰাহুল গান্ধীৰ নেতৃত্বত দলটো ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰিব । কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে ।
শিৱকুমাৰে কয় যে প্ৰদেশ কংগ্ৰেছে বিভিন্ন নেতাক দায়িত্ব দি ইতিমধ্যে এই যাত্ৰাৰ প্ৰস্তুতি চলাইছে । ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ প্ৰস্তুতি চলোৱা হৈছে । অৱশ্যে কোনটো দিনত তেওঁলোক উপস্থিত থাকিব সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ।
ইফালে শুকুৰবাৰে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ লগতে সাধাৰণ সম্পাদক তথা কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং সুৰজেৱালা, ৰাজ্যিক সভাপতি শিৱকুমাৰ আৰু কেইবাজনো নেতাই যাত্ৰা সন্দৰ্ভত দলৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । কংগ্ৰেছ নেতা বেণুগোপালে জনোৱা মতে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে দুটা বেলেগ বেলেগ দিনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।