নিউজ ডেস্ক, 31 আগষ্ট:কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইন’ৰ দেহাৱসান (Sonia Gandhi mother passed away)৷ ইটালীত মৃত্যু হয় মাইন’ৰ ৷ কাইলৈ অনুষ্ঠিত হ’ব অন্ত্যেষ্টিক্ৰিয়া ৷ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে জনাইছে এই কথা ৷ কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে ২৩ আগষ্টত ৰাওনা হৈছিল ৯০ বছৰ বয়সীয়া অসুস্থ মাতৃক চাবলৈ (Sonia Gandhi met her mother)।
ছোনিয়া গান্ধী, তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা ইতিমধ্যে বহিঃৰাষ্ট্ৰত আছে আৰু ইটালীত থকা ছোনিয়াৰ গৃহ চহৰলৈ তেওঁলোক ৰাওনা হৈছে (Gandhi family in Italy)। যোৱা কেইবছৰমানৰ পৰা ৰাহুল আৰু প্ৰিয়ংকা আইতাকৰ ওচৰলৈ কেইবাবাৰো গৈছিল । ২০২০ চনত যেতিয়া ৰাহুল গান্ধী সঘনাই বিদেশ ভ্ৰমণৰ বাবে কিছু সমালোচনাৰ সন্মুখীন হৈছিল, তেতিয়া দলটোৱে কৈছিল যে তেওঁ “এজন অসুস্থ আত্মীয়”ক লগ কৰিবলৈ ইটালীলৈ ব্যক্তিগত ভ্ৰমণলৈ গৈছিল ।