নেশ্যনেল ডেস্ক,২১ মে':১৯৯১ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ (Rajiv Gandhi death)। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ৩২ সংখ্যক মৃত্যু বাৰ্ষিকীত দেশবাসীয়ে তেওঁক স্মৰণ কৰিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী তথা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে পুৱাই ৰাষ্ট্ৰীয় ৰাজধানীৰ বীৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Sonia Gandhi pays tributes to Rajiv Gandhi)। কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে টুইটযোগে তেওঁৰ পিতৃৰ প্ৰতি শ্ৰদ্ধা ব্যক্ত কৰে (Rahul Gandhi tweet on his father death anniversary)। ৰাহুল গান্ধীয়ে টুইটত লিখিছে, "পাপা, তুমি মোৰ সৈতে স্মৃতিত অনুপ্ৰেৰণা হিচাপে আছা ।" তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীক লৈ এটা ভিডিঅ' ক্লিপও পোষ্ট কৰে । ইফালে, প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ পিতৃক স্মৰণ কৰি হৰিবংশ ৰায় বচ্চনৰ এটা কবিতা উদ্ধৃত কৰে ।
উল্লেখ্য যে ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনত তেওঁৰ মাতৃ আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পাছতে দেশৰ দায়িত্ব গ্ৰহণ কৰিছিল । ১৯৮৪ চনৰ অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁ ৪০ বছৰ বয়সত ভাৰতৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হৈছিল । তেওঁ ১৯৮৯ চনৰ ২ ডিচেম্বৰলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।