নেশ্যনেল ডেস্ক, ৪ ছেপ্টেম্বৰ :কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে মঙলবাৰে সংসদৰ আগন্তুক বিশেষ অধিৱেশনৰ পূৰ্বে দলটোৰ সংসদীয় ৰণনীতি গোটৰ এখন বৈঠক আহ্বান কৰিছে । ইফালে ছোনিয়া গান্ধীক সোমবাৰে হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে । কিয়নো দেওবাৰে সাধাৰণ জ্বৰৰ লক্ষণ দেখাৰ পাছতে তেওঁক দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
তথ্য অনুসৰি সংসদীয় ৰণনীতি গোটৰ বৈঠকত সংসদৰ অধিৱেশনত উত্থাপিত হ'বলগীয়া প্ৰশ্ন আৰু বিষয়বোৰৰ মোকাবিলা কৰাৰ বাবে দলৰ পৰিকল্পনাৰ ওপৰত আলোচনা হ'ব ।
ইফালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও সংসদৰ বিশেষ অধিৱেশনৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ মিত্ৰজোঁট 'I.N.D.I.A'ৰ সাংসদসকলৰ এখন বৈঠকৰ আহ্বান কৰিছে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বৃহস্পতিবাৰে ১৮-২২ ছেপ্টেম্বৰৰ ভিতৰত সংসদৰ ৫ দিনীয়া বিশেষ অধিৱেশনৰ বিষয়ে অৱগত কৰে । অৱশ্যে, বিশেষ অধিৱেশনৰ কাৰ্যসূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই । সামাজিক মাধ্যমৰ এটা পোষ্টত যোশীয়ে পুৰণি সংসদ ভৱন আৰু নতুন ভৱনৰ এখন ফটোও শ্বেয়াৰ কৰে । যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ মে'ত উদ্বোধন কৰিছিল ।