নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ :কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি । সাধাৰণ জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি কংগ্ৰেছ নেত্ৰীগৰাকী চিকিৎসকৰ পৰ্যবেক্ষণত আছে আৰু বৰ্তমান তেওঁ সুস্থিৰ বুলি জানিব পৰা গৈছে । যোৱা বছৰ, ক'ভিড-১৯ সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ বাবে নতুন দিল্লীত ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তাৰ পাছৰে পৰা তেওঁ স্বাস্থ্যৰ কিছু অৱনতি হৈছে বুলি অনুমান কৰা হৈছে ।
ইফালে বিতং স্বাস্থ্য সমস্যাৰ বিষয়ে অৱগত নকৰাকৈ কংগ্ৰেছে এক্সৰ জৰিয়তে ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি কৰোৱা বুলি জনোৱাৰ পাছতে তেওঁ সমৰ্থকসকলৰ মাজত ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে । অৱশ্যে এতিয়াও তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য বহলভাৱে প্ৰকাশ কৰা হোৱা নাই । শেহতীয়া বছৰবোৰত, গান্ধীয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে কেইবাবাৰো আমেৰিকা ভ্ৰমণ কৰিছে । য'ত তেওঁ স্বাস্থ্য সেৱা গ্ৰহণ কৰিছে ।