নিউজ ডেস্ক, 12 ছেপ্টেম্বৰ: সোমবাৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি সোণালী ফোগটৰ মৃত্যুৰ গোচৰটো কেন্দ্ৰীয় তদন্ত ব্যুৰোলৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ জনায় (Sonali Phogat death case) । মুখ্যমন্ত্ৰী সাৱন্তে সংবাদ মাধ্যমৰ আগত এক বিবৃতিত কয় যে, সোণালীৰ পৰিয়ালৰ সদস্য বিশেষকৈ তেওঁৰ কন্যাৰ অনুৰোধৰ পিছত ৰাজ্যই গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ গোচৰৰ তদন্ত চিবিআইক গতাই দিবলৈ অনুৰোধ কৰিছে ।
তদুপৰি তেওঁ কয় যে, তেওঁ গোৱা আৰক্ষীক বিশ্বাস কৰে আৰু তেওঁলোকে তদন্তত যৎপৰোনাস্তি চেষ্টা চলাই আছে যদিও মানুহে দাবী কৰাৰ বাবে ৰাজ্যই সোণালী ফোগটৰ গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ কৰিব । ইয়াৰ পূৰ্বে দেওবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে, গোৱা আৰক্ষীৰ তদন্তত পৰিয়ালটো সন্তুষ্ট নহ’লে সোণালী ফোগটৰ মৃত্যুৰ তদন্ত চিবিআইয়ে কৰিব (Sonali Phogat death case investigation)।
হাৰিয়ানাৰ সংবাদ মাধ্যমৰ সৈতে কথা পাতি খট্টৰে কয়, ‘‘আমি লিখিতভাৱে চিবিআইৰ তদন্তৰ বাবে অনুৰোধ কৰিছিলোঁ যদিও তেওঁলোকে উল্লেখ কৰিছে যে প্ৰথমে গোৱাই নিজাকৈ তদন্ত সম্পূৰ্ণ কৰিব আৰু যদি পৰিয়ালটো ইয়াৰ ওপৰত সন্তুষ্ট নহয় তেন্তে তদন্ত অৰ্পণ কৰা হ’ব চিবিআইলৈ (CBI to investigate Sonali Phogat case)।"