নেশ্যনেল ডেস্ক, ১ ফেব্ৰুৱাৰী: তুষাৰপাত অব্যাহত থকাৰ মাজতে শ্ৰীনগৰত নূন্যতম তাপমাত্ৰা বৃদ্ধি পাইছে । সোমবাৰে পূৰ্বতকৈ শীতৰ প্ৰকোপ হ্ৰাস পাইছে জম্মু-কাশ্মীৰত । কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়াই প্ৰকাশ কৰা মতে,দেওবাৰে নিশাৰ পৰা হোৱা পাতলীয়া তুষাৰপাতৰ ফলত শ্ৰীনগৰ চহৰ পথবোৰ বৰফে ঢাকি ধৰিছে । ফলত যানবাহন চলাচল ব্যাহত হৈ পৰিছে । আনহাতে স্ন' ক্লীয়াৰেন্স মেচিনৰ দ্বাৰা বৰফ গলোৱাত ব্যৰ্থ হোৱাৰ পিছত বিভাগীয় বিষয়াই বৰফ গলাবলৈ আন ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে ।
ক্ৰমাৎ শীতৰ প্ৰকোপ হ্ৰাস পাইছে জম্মু-কাশ্মীৰত - প্ৰচণ্ড শীতে কঁপোৱা জম্মু-কাশ্মীৰ
কেইবাদিনো ধৰি প্ৰচণ্ড শীতে কঁপোৱা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে তাপমাত্ৰা । তুষাৰপাত হৈ আছে যদিও তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে ক্ৰমান্বয়ে হ্ৰাস পাইছে শীতৰ প্ৰকোপ ।
![ক্ৰমাৎ শীতৰ প্ৰকোপ হ্ৰাস পাইছে জম্মু-কাশ্মীৰত ক্ৰমাৎ শীতৰ প্ৰকোপ হ্ৰাস পাইছে জম্মু-কাশ্মীৰত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10456370-140-10456370-1612165270763.jpg)
চিল্লাই কালানৰ অন্ত পৰাৰ এদিনৰ পিছতে জম্মু-কাশ্মীৰত শীতৰ প্ৰকোপ কমিছে । দেওবাৰে নিশা ৩০ বছৰৰ পিছত শ্ৰীনগৰত নূন্যতম তাপমাত্ৰা আছিল মাইনাছ ৮.৮ ডিগ্ৰী চেলছিয়াছ । কজিগুণ্ডত তাপমাত্ৰা হৈছে ৭.৬ ডিগ্ৰী চেলছিয়াছ । উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ গুলমাৰ্গ স্কী ৰিজ'ৰ্টৰ তাপমাত্ৰা মাইনাছ ৮.২ ডিগ্ৰী চেলছিয়াছ আৰু পহলগাম ট্যুৰিষ্ট ৰিজ'ৰ্টৰ তাপমাত্ৰা মাইনাছ ৬.১ ডিগ্ৰী চেলছিয়াছ । কুপৱাৰাত মাইনাছ ২.৯ ডিগ্ৰীলৈ তাপমাত্ৰা হ্ৰাস পাইছে আৰু কোকেৰনাগত মাইনাছ ৯.৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা ।
লগতে পঢ়ক: মুম্বাইত সাধাৰণ লোকৰ বাবে স্থানীয় ৰে'ল সেৱা আৰম্ভ