নেশ্যনেল ডেস্ক,২০ এপ্ৰিল :জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত শোকাবহ ঘটনা । সেনাৰ চলন্ত বাহনত অগ্নি সংযোগ । জীৱন্তে অগ্নিদগ্ধ ৪ গৰাকী সেনা জোৱান (4 Jawan death after catches fire)। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ধুৰিয়ান অঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো । এই ঘটনাৰ পাছতে দেশজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । সূত্ৰৰ মতে এই ঘটনাত সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে । অৱশ্যে সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই ।
ঘটনাৰ পাছতে আৰক্ষী আৰু সেনাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । অগ্নি সংযোগ হোৱা সেনাৰ বাহনৰ পৰা জোৱানসকলক উদ্ধাৰ কৰা হয় । সূত্ৰৰ মতে, দুৰ্ঘটনাটোৰ আদালতৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু সেনাৰ বাহনখনত কেনেদৰে অগ্নি সংযোগ হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই । ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে পুঞ্চ এখন সীমান্তৱৰ্তী জিলা যাৰ বাবে নিৰাপত্তা বেষ্টনী শক্তিশালী কৰা হৈছে (Jammu and Kashmir fire)। অৱশ্যে তাৰ মাজতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপো অব্যাহত আছে । এই মাহৰ আৰম্ভণিতে, সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চ খণ্ডত এক বৃহৎ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিছিল । বিবৃতি অনুসৰি, ৮-৯ এপ্ৰিলৰ মাজনিশা জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত এলঅ'চিত নিয়োজিত সেনাই কিছুমান ব্যক্তিৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে ।