অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত ভাৰতীয় সেনা জোৱান শ্বহীদ

জম্মু-কাশ্মীৰত পাকিস্তানৰে হোৱা সংঘৰ্ষত দেশৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিলে ভাৰতৰ এজন সেনা জোৱানে। শ্বহীদ চুবেদাৰ স্বতন্ত্ৰ সিঙৰ ঘৰ উত্তৰাখণ্ডত।

জম্মু-কাশ্মীৰত শ্বহীদ চুবেদাৰ স্বতন্ত্ৰ সিং
জম্মু-কাশ্মীৰত শ্বহীদ চুবেদাৰ স্বতন্ত্ৰ সিং

By

Published : Nov 27, 2020, 2:10 PM IST

নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ: বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চত পাক সেনাই অপ্ৰৰোচিতভাৱে পুনৰ যুদ্ধবিৰতি উলংঘন কৰে। পাক সেনাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী ভাৰতীয় জোৱান। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল দেৱেন্দৰ আনন্দে প্ৰকাশ কৰিছে যে,ভাৰতীয় সেনাই পাক সেনাৰ আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিয়ে। সংঘৰ্ষত চুবেদাৰ স্বতন্ত্ৰ সিং নামৰ এগৰাকী সেনা জোৱান গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত সেনাৰ চিকিৎসালয় প্ৰেৰণ কৰা হয় যদিও শুক্ৰবাৰে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় চুবেদাৰ স্বতন্ত্ৰ সিঙে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে শ্বহীদ সেনা জোৱানগৰাকীক সুঁৱৰি কয় যে,চুবেদাৰ স্বতন্ত্ৰ সিং এগৰাকী সাহসী,উদ্যমী সৈনিক আছিল। দেশমাতৃৰ সেৱাত প্ৰাণ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ এইগৰাকী সেনা জোৱানৰ ত্যাগ আৰু কৰ্তব্যনিষ্ঠা চিৰস্মৰণীয় হৈ ৰ'ব বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল দেৱেন্দৰ আনন্দে। শ্বহীদ সেনা জোৱানগৰাকীৰ ঘৰ উত্তৰাখণ্ডত।

লগতে পঢ়ক:ভাৰতীয় ৰেলৱে'ৰ পৰা আটক 14 ৰোহিংগীয়া

ABOUT THE AUTHOR

...view details