নেশ্যনেল ডেস্ক, 3 অক্টোবৰ:জম্মু কাশ্মীৰৰ বাৰমুলাত গুলীৰ আঘাতত এজন সৈনিক মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে (Soldier found dead with gunshot )৷ উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ বনিয়াৰ অঞ্চলত ৰহস্যজনক পৰিস্থিতিত সোমবাৰে এজন সৈনিকৰ বন্দুকৰ গুলীৰ আঘাতত মৃত্যু হয় (Solider suspected to attempt to suicide)৷
সন্দেহ কৰা অনুসৰি সৈনিকজনে নিজ ছাৰভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰিছে ৷ চৰকাৰী সূত্ৰই জনোৱা অনুসৰি মহাৰাষ্ট্ৰৰ ৰাহুল ভগত নামৰ সৈনিকজনক গেৰিছনৰ এটা শৌচালয়ৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল (Body rescued in toilet) ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা সৈনিকজনৰ বুকুত গুলী লগাৰ চিন স্পষ্ট হৈ আছিল ৷