অসম

assam

ETV Bharat / bharat

Bathinda Military Station Firing: লুকুৱাই থোৱা INSAS ৰাইফলেৰে চাৰি সহকৰ্মীক হত্যা কৰিছিল সেনা জোৱান মোহনে - Bathinda Military Station Firing

বাথিন্দা সামৰিক কেম্পত হোৱা গুলীচালনাত ভাৰতীয় সেনাৰ চাৰিজন জোৱান নিহত হোৱা ঘটনাই নতুন মোৰ লৈছে ৷ এই হত্যাকাণ্ডত জড়িত বুলি স্বীকাৰ কৰিলে ধৃত জোৱানে (Bathinda Military Station Firing) । সেনাৰ এক বিবৃতিত এই বিষয়ে উল্লেখ কৰা হৈছে ।

Bathinda firing case
পঞ্জাবৰ বাথিন্দা সামৰিক কেন্দ্ৰত গুলীচালনা

By

Published : Apr 17, 2023, 4:53 PM IST

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : যোৱা ১২ এপ্ৰিলত পঞ্জাবৰ বাথিন্দা সামৰিক কেম্পত সংঘটিত গুলীচালনাৰ সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে আটক কৰা এজন সেনা জোৱানে তেওঁৰ চাৰিজন সহকৰ্মীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে । উল্লেখ্য যে, ১২ এপ্ৰিলৰ পুৱা প্ৰায় ৪.৩৫ বজাত বাথিন্দা সামৰিক কেম্পৰ ভিতৰত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হয় । উক্ত গুলীচালনাৰ ঘটনাত শুই থকা অৱস্থাতে নিহত হয় চাৰিজনকৈ সেনা জোৱান । সোমবাৰে ভাৰতীয় সেনাই এক বিবৃতিত কয় যে, এই ঘটনাৰে জড়িত এজন সেনা জোৱানে তেওঁৰ চাৰিজন সহকৰ্মীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে (Firing at Bathinda Military Station) ।

মাৰাথন জেৰাৰ পিচত দেশাই মোহন নামৰ সেনা জোৱানজনে আৰক্ষীৰ ওচৰত INSAS ৰাইফল চুৰি কৰা আৰু তেওঁৰ চাৰিজন সহকৰ্মীক হত্যা কৰাত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে । ভাৰতীয় সেনাৰ ছাউথ ৱেষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ বিবৃতিত এই কথা উল্লেখ কৰা হৈছে । প্ৰাৰম্ভিক অনুসন্ধানত ব্যক্তিগত কাৰণ বা বিদ্বেষ গুলীচালনাৰ কাৰণ হোৱাৰ ইংগিত পোৱা গৈছে বুলি ভাৰতীয় সেনাৰ এই বিবৃতিত উল্লেখ কৰা হৈছে (Four army personnel killed at Bathinda)।

তেওঁৰ স্বীকাৰোক্তিৰ কথা উল্লেখ কৰি সেনাই কয় যে, মোহনে ৯ এপ্ৰিলৰ পুৱা গুলী ভৰ্তি অস্ত্ৰ চুৰি কৰি কৰ’বাত লুকুৱাই ৰাখিছিল । 12 এপ্ৰিলৰ পুৱা প্ৰায় 4.30 বজাত যেতিয়া তেওঁ কৰ্তব্য়ত আছিল, প্ৰথম মহলালৈ গৈ চাৰিওজন সহকৰ্মীক শুই থকা অৱস্থাতেই হত্যা কৰিছিল । ইয়াৰ পিচতেই মোহনে ৰাইফলটো এটা নৰ্দমাত পেলাই দিয়ে (Bathinda firing case updates)।

ইতিমধ্য়ে নৰ্দমাৰ গাঁতৰ পৰা অস্ত্ৰ আৰু অতিৰিক্ত গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি সেনাৰ বিবৃতিটোত উল্লেখ কৰা হৈছে । ১২ এপ্ৰিলত প্ৰাৰম্ভিক এজাহাৰ দাখিল কৰাৰ সময়ত দেশাই মোহনে দিয়া বিবৃতিত INSAS ৰাইফল আৰু কুঠাৰৰ সৈতে অসামৰিক পোছাক পিন্ধা দুজন ব্যক্তিৰ কথা উল্লেখ কৰি তদন্তকাৰী সংস্থাসমূহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে (Punjab Military Station Firing)।

মোহন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে । ভাৰতীয় সেনাৰ ছাউথ ৱেষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ে কয় যে, একাংশ সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ দৰে এয়া কোনো সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নহয় । ভাৰতীয় সেনাই এনে ধৰণৰ অনুশাসনহীনতামূলক কাৰ্যৰ প্ৰতি শূন্য সহনশীলতা আৰু দোষীক আইন অনুসৰি শাস্তি দিয়াটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তদন্তৰ গতি ক্ষিপ্ৰতৰ কৰিবলৈ পঞ্জাৱ আৰক্ষী আৰু অন্যান্য সংস্থাসমূহক সকলো সম্ভৱ সহায় আগবঢ়োৱা হৈছে বুলি সেনাৰ বিবৃতিটোত উল্লেখ কৰা হৈছে (Bathinda army personnel killed updates) ।

১২ এপ্ৰিলত সংঘটিত গুলীচালনাৰ ঘটনাত নিদ্ৰাৰত চাৰিজন সেনা জোৱান নিহত হৈছিল । পঞ্জাৱ আৰক্ষীয়ে সদৰি কৰা অনুসৰি নিহত চাৰিজন জোৱানক সাগৰ, কমলেশ, সন্তোষ আৰু যোগেশ বুলি চিনাক্ত কৰা হৈছে । তেওঁলোকে কৰ্তব্য শেষ কৰি তেওঁলোকৰ কোঠাত শুই আছিল । সেনাই পুনৰ উল্লেখ কৰে যে যোৱা দুদিন ধৰি ২৮ জাঁই গুলীসহ এটা INSAS ৰাইফল সন্ধানহীন হৈ আছে । এই ঘটনাৰ আঁৰত আন কৰ্মচাৰী জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:Bathinda firing case: বাথিণ্ডা কাণ্ডৰ সৈতে জড়িতৰ সন্দেহত সেনা জোৱান আটক

ABOUT THE AUTHOR

...view details