আগৰতলা,৩ আগষ্ট : ত্ৰিপুৰাত নিৰ্মাণ হ'ব বিশেষ আদৰ্শ গাঁও । ত্ৰিপুৰা শক্তি বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ । সৌৰ শক্তিৰ দ্বাৰা চালিত হ'ব সেই আদৰ্শ গাঁওখন । এই ঘোষণা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ ।
শক্তি বিভাগৰ এক পৰ্যালোচনা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Power department review meeting in Tripura)। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল শক্তি বিভাগৰ পৰ্যালোচনা বৈঠকখন (Tripura CM at power department review meeting)। বৈঠকত ত্ৰিপুৰা ৰাজ্যিক শক্তি বিভাগৰ সচিব ব্ৰজেশ পাণ্ডেই কয় যে ত্ৰিপুৰা ষ্টেট ইলেকট্ৰিকেল কৰ্পোৰেচন লিমিটেডে ৰাজ্যখনত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ বাবে বিভিন্ন পৰিকল্পনাৰ ওপৰত কাম কৰি আছে ।
তেওঁ লগতে কয় যে অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্যজুৰি অধিক উপ-কেন্দ্ৰ স্থাপন কৰা হ'ব । এতিয়ালৈকে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যত মুঠ ২২,৫০০ ষ্ট্ৰীট লাইট স্থাপন কৰিছে । অধিক লাইট স্থাপনৰো ব্যৱস্থা কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে ৰাজ্যখনত এতিয়ালৈকে ৩ লাখ অধ্যয়ন লাইট (Study lamp) প্ৰদান কৰা হৈছে (3 lakhs study lamp distributed in Tripura)।