নেশ্যনেল ডেস্ক, ৩ ফেব্ৰুৱাৰী: কাশ্মীৰৰ বহুকেইটা স্থানত ধাৰাবাহিকভাৱে তুষাৰপাত হৈ থকাৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধি হৈ আছে । সমান্তৰালকৈ প্ৰতিকূল বতৰৰ বাবে বুধবাৰে বিমান সেৱাও ব্যাহত হৈ পৰে । বিভাগীয় বিষয়াসকলে জনোৱা মতে, মঙলবাৰে নিশাৰ পৰাই জম্মু-কাশ্মীৰ বেছিভাগ স্থানতে তুষাৰপাত অব্যাহত আছে । তুষাৰপাতে বিমান পৰিবহণৰ ক্ষেত্ৰতো ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে । প্ৰতিকূল বতৰৰ বাবে শ্ৰীনগৰ বিমানবন্দৰত বুধবাৰে পুৱা কেইবাখনো বিমানে পলমকৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া হয় ।
তুষাৰপাতৰ বাবে কাশ্মীৰত বিমান সেৱা ব্যাহত - ধাৰাবাহিকভাৱে তুষাৰপাত
প্ৰতিকূল বতৰ আৰু তুষাৰপাতৰ বাবে বুধবাৰে কাশ্মীৰত ব্যাহত হৈ পৰে বিমান সেৱা । শ্ৰীনগৰ বিমানবন্দৰত পুৱা কেইবাখনো বিমানে পলমকৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া হয় ।
তুষাৰপাতৰ বাবে কাশ্মীৰত বিমান সেৱা ব্যাহত
কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হয় । ৰাণৱেত বৰফ জমা হোৱাৰ বাবে বিমানৰ উৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিকূল বতৰৰ বাবে ভিজিবিলিটিৰ ক্ষেত্ৰতো সমস্যাৰ উদ্ভৱ হয় । এনে পৰিস্থিতিত বিমান সেৱা সময়মতে আৰম্ভ কৰাতো সম্ভৱ নাছিল বুলিও প্ৰকাশ কৰে বিষয়াসকলে । বতৰ অনুকূল হোৱাৰ পিছতহে বিমানবন্দৰত পুনৰ পূৰ্বৰ দৰে কামবোৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ'ব ।
লগতে পঢ়ক:ত্ৰিপুৰাৰ কৈলাশহৰত বি এছ এফৰ বৃহৎ অভিযান