নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: শীতৰ আগমণৰ লগে লগে প্ৰকৃতিৰ ৰম্যভূমি জম্মু-কাশ্মীৰত প্ৰতিফলিত হৈছে দৃষ্টিনন্দন ৰূপ । বৰফে ঢাকি ধৰাত দুগুণে শোভাবৰ্দ্ধন হৈছে পাহাৰীয়া অঞ্চলৰ । তুষাৰপাতে আহুকালৰ সৃষ্টি কৰিলেও প্ৰকৃতিপ্ৰেমীৰ বাবে স্বৰ্গ সদৃশ হৈ পৰিছে জম্মু-কাশ্মীৰ । বতৰ বিজ্ঞান পূৰ্বানুমান বিভাগৰ মতে ধাৰাবাহিকভাৱে জম্মু-কাশ্মীৰত হৈ থকা তুষাৰপাত আৰু বৃষ্টিপাত বুধবাৰে তুলনামূলকভাৱে হ্ৰাস পাইছে ।
জজ্জিলা পাছ, পিৰ কি গলি, বন্নীহাল ছেক্টৰ, পহলগাম, ছনমমাৰ্গ আৰু গুলমাৰ্গত নিশা মধ্যমীয়া তুষাৰপাত হয় । তুষাৰপাতৰ বাবে বৰ্তমান বন্ধ হৈ আছে শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ । বতৰ বিজ্ঞান বিভাগ কৰ্তৃপক্ষই যাত্ৰীসকলক শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে । বতৰ বিজ্ঞান বিভাগৰ এগৰাকী বিষয়াই কৈছে যে, 'যোৱা ২৪ ঘণ্টাত জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত তুষাৰপাত হৈছে আৰু সমতল অঞ্চলত নেৰানেপেৰা বৃষ্টিপাত হয় । বৃহস্পতিবাৰে দুপৰীয়া পৰ্যন্ত এই পৰিস্থিতি থাকিব আৰু লাহে লাহে তুষাৰপাত আৰু বৰষুণৰ মাত্ৰা হ্ৰাস পাব' ।