অসম

assam

By

Published : Jun 28, 2023, 7:21 AM IST

ETV Bharat / bharat

Manipur Violence : মণিপুৰৰ হিংসাত ম্যানমাৰৰ মাজেৰে সৰবৰাহ কৰা অস্ত্ৰ ব্যৱহাৰ; চোৰাংচোৱাৰ অভিযোগ

তথ্য অনুসৰি, ম্যানমাৰ-চীন সীমান্তত অৱস্থিত ব্লেক মাৰ্কেটৰ পৰা ম্যানমাৰ সীমান্তলৈ এই অস্ত্ৰ-শস্ত্ৰবোৰ আনি তাৰ পৰা মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে ।

Manipur Violence
Manipur Violence

নিউজ ডেস্ক, ২৮ জুন :মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হৈছে । চোৰাংচোৱা সূত্ৰৰ দাবী অনুসৰি, হিংসাপীড়িত মণিপুৰক অস্থিৰ কৰি তুলিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰবোৰ ম্যানমাৰৰ মাজেৰে চোৰাংকৈ সৰবৰাহ কৰা হৈছিল । সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰ জুন মাহত ম্যানমাৰ পথৰ মাজেৰে মণিপুৰলৈ বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰা হৈছিল ।

আনহাতে, এক গোপন সূত্ৰই প্ৰকাশ কৰা মতে, মণিপুৰৰ সক্ৰিয় বিদ্ৰোহী গোটবোৰে তিনিখন বাহনত অহা এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰবোৰ সংগ্ৰহ কৰিছিল । প্ৰাপ্ত তথ্য অনুসৰি, ম্যানমাৰ-চীন সীমান্তত অৱস্থিত ব্লেক মাৰ্কেটৰ পৰা ম্যানমাৰ সীমান্তলৈ এই অস্ত্ৰ-শস্ত্ৰবোৰ আনি তাৰ পৰা মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে ।

এই ক্ষেত্ৰত চোৰাংচোৱা সংস্থাৰ সন্দেহ যে উগ্ৰপন্থী সংগঠনবোৰে মণিপুৰলৈ ভাৰত-ম্যানমাৰৰ মুকলি সীমান্তৰ মাজেৰে অস্ত্ৰ পৰিবহণ কৰি আছে । অৱশ্যে মণিপুৰত হিংসাত্মক ঘটনা প্ৰতিহত কৰিবলৈ সীমান্তত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ভাৰত-ম্যানমাৰৰ মুকলি সীমান্ত অনবৰতে নিৰীক্ষণত ৰখা হৈছে ।

উল্লেখ্য যে মণিপুৰৰ বিভিন্ন স্থানত বৰ্তমানেও উত্তেজনা অব্যাহত আছে । আনহাতে, নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনত হিংসাত্মক ঘটনা নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে নিষ্ঠাৰে কাম কৰি আছে । লগতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সমৰ্থনত মণিপুৰ আৰক্ষীয়ে চলাই থকা অভিযানত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰা হৈছে আৰু কেইবাটাও দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ।

আনহাতে, বিগত কেইদিনমানত ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ যুটীয়া প্ৰচেষ্টাত মুঠ ১১০০ টা অস্ত্ৰ, ১৩,৭০২ টা গোলাবাৰুদ আৰু ২৫০ টা বিভিন্ন ধৰণৰ বোমা উদ্ধাৰ কৰা হৈছে । ইয়াৰ উপৰি পাহাৰীয়া আৰু সমতলৰ বিভিন্ন জিলাত ১২ টা বাংকাৰ ভাঙি পেলোৱা হৈছে ।

ইয়াৰ উপৰি ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ চলোৱা শেহতীয়া অনুসন্ধান অভিযানৰ সময়ত হিংসাত্মক ঘটনাৰ সম্ভাৱনীয়তাৰ বহু প্ৰমাণ লাভ কৰিছে । তামেংলং, ইম্ফল-পূব, বিষ্ণুপুৰ, কাংপোকপি, চুৰাচান্দপুৰ আৰু কাকচিং জিলাত কৰ্তৃপক্ষই তিনিটা ৫১ মিমি মৰ্টাৰ শ্বেল, তিনিটা ৮৪ মিমি মৰ্টাৰ শ্বেল আৰু এটা আইইডি ধৰা পেলায় । পিছত ৰাজ্যিক বোমা নিষ্কাশন দলে তৎক্ষণাৎ এই বিস্ফোৰক সামগ্ৰীবোৰ নিষ্ক্ৰিয় কৰি স্থানীয় লোকসকলৰ সুৰক্ষা নিশ্চিত কৰে ।

লগতে পঢ়ক :‘সঠিক সময় নহয়’: MHAয়ে প্ৰত্যাখ্যান কৰিলে মণিপুৰলৈ বিৰোধীৰ সৰ্বদলীয় প্ৰতিনিধি দল ভ্ৰমণৰ প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details