নেশ্যনেল ডেস্ক,23 জুলাই: কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল কংগ্ৰেছ দল ৷ 13 মাহ পূৰ্বে মৃত এগৰাকী ব্যক্তিৰ নামত পঞ্জীয়ন কৰোৱাই জীয়ৰীৰ দ্বাৰা গোৱাত অবৈধভাৱে বাৰ চলাই থকাৰ অভিযোগ তুলিছে কংগ্ৰেছ দলে(Congress accused Smriti Irani daughter running bar illegally in Goa) ৷ দলটোৰ মুখপাত্ৰ পৱন খেৰাই ভুৱা নথি-পত্ৰৰে স্মৃতি ইৰাণীৰ জীয়ৰীয়ে গোৱাত এইখন বাৰ চলাই আহিছে বুলি বিজেপি নেতৃগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷
আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীৰ জীয়ৰীৰ অধিবক্তাই ৷ ৰাজনৈতিক অভীপ্সা পূৰণাৰ্থে বিৰোধী দলৰ এয়া নিকৃষ্ট কূট-কৌশল বুলি অধিবক্তাগৰাকীয়ে কয় ৷ লগতে সমস্ত ঘটনাটো ভিত্তিহীন, দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে(Baseless, unfortunate) ৷