অসম

assam

ETV Bharat / bharat

BJP Parivartan Yatra : ছত্তীশগড়ত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ উদ্বোধন - Smriti Irani inaugurates Parivartan Yatra

ছত্তীশগড়ত বিজেপিৰ পৰিৱৰ্তন যাত্ৰা শীৰ্ষক কাৰ্যসূচী সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে । এই যাত্ৰাই ১৭২৮ কিলোমিটাৰ অঞ্চল সামৰি ল'ব ।

BJP Parivartan Yatra
ছত্তীশগড়ত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ উদ্বোধন

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:47 PM IST

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ :নিৰ্বাচনমুখী ছত্তীশগড়লৈ ইজনৰ পাছত সিজন শীৰ্ষ নেতাৰ আগমন হৈছে । ভোটৰক আকৰ্ষণৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীও ছত্তীশগড় ভ্ৰমণ কৰিছে । মন্ত্ৰী ইৰাণীয়ে দান্তেৱাড়াত বিজেপিৰ পৰিৱৰ্তন যাত্ৰা শীৰ্ষক এখন ৰাজহুৱা সভা সম্বোধন কৰে । অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ উপস্থিত থকাৰ কথা আছিল যদিও কিছু কাৰণত তেওঁৰ ভ্ৰমণ বাতিল কৰা হয় ।

বিজেপিৰ পৰিৱৰ্তন যাত্ৰাই বস্তাৰ, দূৰ্গ আৰু ৰায়পুৰ বিভাগক সামৰি ১৬ দিনত ১৭২৮ কিলোমিটাৰ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে । এই সময়ছোৱাত গাওঁ আৰু চহৰসমূহতো বহু সভা অনুষ্ঠিত কৰা হ'ব । বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ দ্বিতীয় পৰ্যায় ১৫ ছেপ্টেম্বৰত জশপুৰৰ পৰা আৰম্ভ হ'ব । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই যাত্ৰা উদ্বোধন কৰিব ।

পৰিৱৰ্তন যাত্ৰা বিলাসপুৰ আৰু সুৰগুজা বিভাগত ১৩ দিনৰ বাবে ভ্ৰমণ কৰিব । এই যাত্ৰাই ১২৬১ কিলোমিটাৰ অঞ্চল সামৰি ল'ব । দুয়োটা যাত্ৰাই ছত্তীশগড়ৰ ৯০ টা বিধানসভা সমষ্টিৰ ৮৭ টা অতিক্ৰম কৰি ২,৯৮৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । যাত্ৰাৰ সময়ত বিজেপিয়ে ৮৪ খন ৰাজহুৱা সভা, ৮৫ খন স্বাগতম সভা আৰু ৭ টা ৰোড শ্ব' অনুষ্ঠিত কৰিব । বিজেপিৰ পৰিৱৰ্তন যাত্ৰা বিলাসপুৰত সমাপ্ত হ'ব ।

কেন্দ্ৰীয় মন্ত্ৰীৰ বস্তাৰ ভ্ৰমণৰ বাবে ৰাজ্যখনত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । বস্তাৰৰ আইজি সুন্দৰৰাজ পিয়ে কোৱা মতে অনুষ্ঠানস্থলীৰ লগতে দান্তেৱাড়া জিলাৰ সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । স্থানীয় আৰক্ষী বাহিনীৰ সৈতে চিআৰপিএফ আৰু এছপিজি কমাণ্ডোসকল নিৰাপত্তাৰ দায়িত্বত আছে । সীমান্ত অঞ্চলত ২,০০০ তকৈও অধিক সৈনিক মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :Land for jobs case : পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি লালু প্ৰসাদ যাদৱ ?

ABOUT THE AUTHOR

...view details