অসম

assam

ETV Bharat / bharat

ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হোৱাৰ আঁৰত গ্ৰাম্য পঞ্চায়তঃ ওম বিৰলা - সংবিধানৰ মৌলিক ধাৰণা

স্বাধীনতাৰ পাছত দেশত অনুষ্ঠিত হোৱা 17 বাৰ সাধাৰণ নিৰ্বাচন আৰু 300ৰো অধিক বিধানসভা নিৰ্বাচনৰ পাছতো দেশৰ শাসন ব্যৱস্থা সূচাৰু ৰূপে পালন হৈ যোৱাটোৱেই ভাৰতীয় গণতন্ত্ৰৰ বৈশিষ্ট বুলি মন্তব্য কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷

Smooth transition of power in India after every election post-independence: LS Speaker
ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হোৱাৰ আঁৰত গ্ৰাম্য পঞ্চায়তঃ ওম বিৰলা

By

Published : Jan 8, 2021, 5:05 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী :লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে কয় যে,স্বাধীনতাৰ পাছত দেশত অনুষ্ঠিত হোৱা 17 বাৰ সাধাৰণ নিৰ্বাচন আৰু 300ৰো অধিক বিধানসভা নিৰ্বাচনৰ পাছতো দেশৰ শাসন ব্যৱস্থা সূচাৰু ৰূপে পালন হৈ যোৱাটোৱেই ভাৰতীয় গণতন্ত্ৰৰ বৈশিষ্ট ৷

তেওঁ লগতে জনতাক শাসনৰ কেন্দ্ৰত ৰখাটো সংবিধানৰ মৌলিক ধাৰণা আৰু ইয়াৰ ফলতে গণতন্ত্ৰৰ প্ৰতি নাগৰিকৰ বিশ্বাস গভীৰ হৈছে বুলিও মন্তব্য কৰে ৷

লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে,দেশৰ পঞ্চায়তৰাজ সংস্থাবোৰক শক্তিশালী কৰা অবিহনে আৰু ৰাইজৰ প্ৰতি অধিক জবাবদেহী তথা দায়বদ্ধ কৰি তোলা অবিহনে দেশৰ গণতন্ত্ৰ সষ্টম কৰি তোলাটো সম্ভৱ নহয় ৷

সংসদৰ কাম-কাজ আৰু গণতান্ত্ৰিক নীতিৰ সৈতে পঞ্চায়ত প্ৰতিনিধিসকলক পৰিচয় কৰাই দিয়াৰ বাবে আয়োজিত এক জনসংযোগ কাৰ্যসূচীত অংশ লৈ ভাৰতীয় লোকতন্ত্ৰ শক্তিশালী হোৱাৰ আঁৰত গ্ৰাম্য পঞ্চায়তে মুখ্য অৰিহণা আগবঢ়াইছে বুলি মন্তব্য আগবঢ়ায় লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷

লগতে পঢ়ক : 1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ

ABOUT THE AUTHOR

...view details