স্পৰ্টছ ডেস্ক,৩ আগষ্ট :টকিঅ'ত পুনৰ উজলিছে উত্তৰ-পূৱৰ আন এগৰাকী মহিলা খেলুৱৈ । মীৰাবাঈ চানু (Chanu Saikhom Mirabai) আৰু লাভলীনাৰ (Lovlina Borgohain) পাছত এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ সুনাম অৰ্জন কৰিছে লালৰেমছিয়ামীয়ে (Lalremsiami) । লালৰেমছিয়ামী হৈছে ভাৰতীয় মহিলা হকী দলটোৰ অন্যতম খেলুৱৈ । অষ্ট্ৰিলিয়াৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছতে ইতিহাস সৃষ্টি কৰা ভাৰতীয় মহিলা দলটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মিজোৰামৰ এখন সৰু চহৰ কোলাচিবৰ লালৰেমছিয়ামীয়ে ।
ভাৰতীয় দলটোৰ ঐতিহাসিক বিজয়ৰ পাছতে উত্তৰ-পূৱৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰা খেলুৱৈ গৰাকীৰ বাসগৃহত উপস্থিত হ'ল ইটিভি ভাৰত । আনন্দ মুখৰ পৰিৱেশ এতিয়া লালৰেমচিয়ামীৰ বাসগৃহত । লালৰেমচিয়ামীৰ ভগ্নী লালমুনচিয়ামীয়ে কয় যে তেওঁৰ ভগ্নীৰ লগতে সম্পূৰ্ণ পৰিয়ালটোৰে এইটো এটা সপোন আছিল । ভাৰতে যেতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলি আছিল সেই সময়খিনি পৰিয়ালটোৰ বাবে অতি উত্তেজনাময় মুহূৰ্ত আছিল বুলিও মন্তব্য কৰে লালৰেমচিয়ামীৰ ভগ্নীয়ে ।
ভাৰতে এটা গ'ল কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোক আনন্দত মতলীয়া হৈ পৰিছিল । উল্লেখ্য যে, লালৰেমচিয়ামী দলটোৰ এগৰাকী ফৰৱাৰ্ড খেলুৱৈ আৰু ২০১৯ চনত এছিয়া কাপ হকীত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লালৰেমচিয়ামীয়ে । অতি দুৰ্ভাগ্যজনকভাৱে একেটা বছৰতে তেওঁৰ পিতৃৰ বিয়োগ ঘটিছিল ।