নিউজ ডেস্ক, ২৬ জানুৱাৰী:আলিগড় মুছলিম বিশ্ববিদ্যালয়ত(Republic Day celebrations in AMU) দেশৰ ৭৪ সংখ্যাক গণৰাজ্য দিৱস উদযাপনৰ সময়ত ধৰ্মীয় শ্ল'গান দিয়াৰ এটা ভিডিঅ' এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঠায়ে ঠায়ে এই ভিডিঅ’টোক লৈ প্ৰতিবাদ আৰম্ভ হোৱাও দেখা গৈছে(Viral Video of Aligarh Muslim University) । আলিগড় আৰক্ষীয়েও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত এজন ছাত্ৰই নাৰা-ই-তকবীৰ, আল্লা হু আকবৰৰ শ্ল'গান দিছে(Allah Hu Akbar Slogan in AMU) ৷ জানিব পৰা মতে, বিশ্ববিদ্যালয়খনত দেশৰ ৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ(Republic Day 2023) কাৰ্যসূচী উদযাপনৰ পাছত এনচিচিৰ এজন ছাত্ৰই এই শ্ল’গান দিছিল ৷ সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে এই ভিডিঅ'টো ভাইৰেল হোৱাৰ লগতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইফালে শ্ল’গান দিয়া ছাত্ৰজনক চিনাক্ত কৰাৰ বাবে ইতিমধ্যে আলিগড় মুছলিম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে ৷
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ(Aligarh Muslim University) প্ৰক্টৰ ৱাছিম আলীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত দেশৰ গণৰাজ্য দিৱস সম্পূৰ্ণ গৌৰৱ আৰু মৰ্যাদাৰে উদযাপন কৰা হয় বুলি উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ ১০০ বছৰীয়া ইতিহাসত এইটো প্ৰথম ঘটনা বুলি উল্লেখ কৰে ৷ তেওঁ এয়া কোনো ছাত্ৰৰ বদমাচিও হ’ব পাৰে বুলি সন্দেহ কৰাৰ লগতে বিশ্ববিদ্যালয়খনে এই ঘটনাক গুৰুত্বসহকাৰে লোৱাৰ কথা সদৰী কৰে ।