নিউজ ডেস্ক, 27 জানুৱাৰী : বোম্বে উচ্চ ন্যায়ালয়ে শিশুৰ যৌন উৎপীড়নৰ ক্ষেত্ৰত দিয়া ৰায়ৰ ওপৰত বুধবাৰে স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷
বোম্বে উচ্চ ন্যায়ালয়ে এজন লোকৰ ওপৰত শিশু সুৰক্ষা আইনৰ অধিনত ৰুজু হোৱা গোচৰৰ ৰায় দানত কৈছিল, ছালৰ সম্পৰ্ক নোহোৱাকৈ এগৰাকী নাবালীকা যৌন উৎপীড়নৰ বলি হৈছে বুলি ক'ব পৰা নাযায় ৷
এটৰ্নি জেনেৰেল কে কে ভেনুগোপালে বুধবাৰে এই বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপন কৰাৰ পিচতে মুখ্য ন্যায়াধীশ এচ এ ব'বদে আৰু ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামসুব্ৰমণ্যনৰ বিচাৰপীঠে উক্ত ৰায়ৰ উপৰত স্থগিতাদেশ জাৰি কৰে ৷
১৯ জানুৱাৰীত, বোম্বে উচ্চ ন্যায়ালয়ে ৰায়ত কৈছিল যে "ছালৰ পৰা ছালৰ সংস্পৰ্শ" অবিহনে এগৰাকী নাবালীকা শিশু সুৰক্ষা আইনৰ অধীনত যৌন উৎপীড়ন হোৱা বুলি ক'ব নোৱাৰি ।
লগতে পঢ়ক : অপহৃত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’ব আলফা(স্বা)ই