অসম

assam

By

Published : Oct 17, 2022, 8:56 AM IST

Updated : Oct 17, 2022, 9:22 AM IST

ETV Bharat / bharat

Suspected Suicide : দ খাৱৈত উদ্ধাৰ যুৱক-যুৱতীৰ কংকাল

উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Skeletons found in Uttarakhand)৷ দেওবাৰে নিশা হৰিদ্বাৰৰ চিদকুল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ডেনচো চকৰ ওচৰৰ এখন পথাৰৰ ওচৰৰ দ খাৱৈত দুটা কংকাল উদ্ধাৰ কৰা হৈছে ৷

Skeletons of young boy and girl have been found at Haridwar
Suspected suicide: দ খাৱৈত এহাল যুৱক যুৱতীৰ কংকাল উদ্ধাৰ

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ : উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Skeletons found in Uttarakhand)৷ দেওবাৰে নিশা হৰিদ্বাৰৰ চিদকুল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ডেনচো চকৰ ওচৰৰ এখন পথাৰৰ ওচৰৰ দ খাৱৈত এহাল যুক-যুৱতীৰ কংকাল উদ্ধাৰ কৰা হৈছে ৷ লক্ষ্যণীয়ভাৱে খাৱৈটোৰ ওচৰতে থকা এডাল গছত দুডালকৈ ফাঁচীৰ ৰচীও ওলমি থকা পৰিলক্ষিত হৈছে (Suicide suspected of young boy and girl)৷

ঘটনা অনুসৰি প্ৰতিদিনৰ দৰে এগৰাকী পাচলি বিক্ৰেতাই পাচলি বিক্ৰী কৰিবলৈ আহোঁতেই খাৱৈটোত কংকালকেইটা পৰিলক্ষিত কৰে ৷ লগে লগে পাচলি বিক্ৰেতাগৰাকী শংকিত হৈ স্থানীয় আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে (Local police rescued Skeletons) ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নৰকংকাল দুটা পৰীক্ষা কৰে ৷

চিদকুল আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি যুৱক-যুৱতীহালে খাৱৈটোৰ কাষৰ গছডালত প্ৰথমে চিপ লৈ আত্মহত্যা কৰে ৷ দিন বাগৰি যোৱাৰ লগে লগে মৃতদেহ দুটা পচি ৰচিৰ পৰা এৰ খাই খাৱৈটোত পৰি যায় ৷ ইয়াৰে এটা কংকাল এগৰাকী যুৱতী আৰু আনটো এজন যুৱকৰ বুলি আৰক্ষীয়ে চিনাক্তকৰণ কৰিছে ৷ আৰক্ষীয়ে যুৱতীগৰাকীৰ কংকালত পচি থকা কাপোৰৰ টুকুৰা উদ্ধাৰ কৰিছে ৷

সম্প্ৰতি মৃতদেহ দুটা পৰীক্ষা কৰিবলৈ ফৰেনছিক বিভাগৰ এটা দল ঘটনাস্থলীলত উপস্থিত হৈছে ৷ দলটোৱে যুৱতীগৰাকীৰ শৰীৰৰ কাপোৰৰ অংশ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰিছে ৷ এতিয়াও যুৱক-যুৱতীহালৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

ইফালে খাৱৈটো বহুতো গভীৰ হোৱাৰ বাবে আৰক্ষীয়ে নৰকংকাল কেইটা উদ্ধাৰ কৰিবলৈ অতিৰিক্ত সা-সৰঞ্জামৰো ব্যৱস্থা কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত যুৱক যুৱতীহালৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ফৰেনচিক বিভাগৰ ৰিপোৰ্ট অহাৰ পিছতেই তদন্ত প্ৰক্ৰিয়াত অধিক সহায়ক হ’ব বুলি আৰক্ষীয় আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:Brutal Incident in West Bengal: চলন্ত ৰেলৰ পৰা গতিয়ালে সহযাত্ৰীক

Last Updated : Oct 17, 2022, 9:22 AM IST

ABOUT THE AUTHOR

...view details