নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ : শনিবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে সংসদত নিৰাপত্তাৰক্ষীৰ ভুলৰ অভিযোগত অভিযুক্ত মহেশ কুমাৱটক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । অতিৰিক্ত ন্যায়াধীশ হৰদীপ কৌৰে মহেশ কুমাৱটক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ প্ৰদান কৰে । জানিব পৰা মতে, শুনানিৰ সময়ত মহেশ কুমাৱটক দিল্লী ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে এজন অধিবক্তা প্ৰদান কৰে ।
মহেশৰ অধিবক্তাই আদালতত কয় যে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই সম্পৰ্কে দিল্লী আৰক্ষীয়ে তেওঁক কোনো তথ্য দিয়া নাই । দিল্লী আৰক্ষীয়ে অভিযুক্ত মহেশৰ ১৫ দিনৰ জিম্মাত দাবী জনাইছিল । কিন্তু ১৫ ডিচেম্বৰত হোৱা এই গোচৰৰ মূল অভিযুক্ত ললিত ঝাক আদালতে সাত দিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।
আদালতত হাজিৰ হোৱাৰ সময়ত দিল্লী আৰক্ষীৰ অধিবক্তা অখণ্ড প্ৰতাপ সিঙে কয় যে শুকুৰবাৰে নিশা ললিত ঝাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ এই কাণ্ড কেনেকৈ সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছিল সেই সন্দৰ্ভত গোচৰটোত উল্লেখ আছে । দিল্লী আৰক্ষীয়ে সোধ-পোছৰ অন্ততহে সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰিব । ইয়াৰ বাবে প্ৰথমে ম’বাইল ফোনটোও উদ্ধাৰ কৰিব লাগিব ।
উল্লেখ্য যে, ১৪ ডিচেম্বৰত আদালতে এই গোচৰৰ চাৰিজন অভিযুক্তক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । আদালতে নীলম, সাগৰ শৰ্মা, ডি মনোৰঞ্জন আৰু আমোল শিণ্ডেক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা অধিবক্তা অতুল শ্ৰীবাস্তৱে কয় যে অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ ৷ তেওঁলোকৰ বিৰুদ্ধে ইউএপিএৰ ১৬A (UAPA 16A) ধাৰা জাৰি কৰা হৈছে ।