নিউজ ডেস্ক, ৩০ মাৰ্চ : বুধবাৰে কেৰালাৰ ত্ৰিচুৰ জিলাত এক শোকাৱহ ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণী মতে, অসমৰ দুটা প্ৰব্ৰজনকাৰী শ্ৰমিক পৰিয়ালৰ মাজত এক কাজিয়াৰ সূত্ৰপাত হয় (Assam migrated family clashed in Kerala) । এই কাজিয়াই গৈ সংঘৰ্ষৰ ৰূপ লয় । ঘটনাৰ বিষম পৰিণতিত এটি ছয় বছৰীয়া শিশুক ছুৰীকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Assam boy allegedly murdered by uncle in Kerala) । ঘটনাটো সংঘটিত হয় ত্ৰিচুৰ জিলাৰ পুথুক্কাদ অঞ্চলত ।
ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জনায় যে অসমৰ প্ৰব্ৰজনকাৰী দুই ভাতৃৰ পৰিয়ালে উক্ত অঞ্চলটোত বুধবাৰে কিবা সৰু সৰু বিষয়ক লৈ বিবাদক লিপ্ত হয় । কিন্তু সেই সৰু কাজিয়াই গৈ হতাহতিৰ পৰ্যায় পায় আৰু তাৰ পিছত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় (Tragic Incident in Thrissur Kerala) । এগৰাকী আৰক্ষী বিষয়াৰ মতে, দুয়োটা পৰিয়ালৰ সদস্যই ইজনে সিজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।
এই আক্ৰমণত নজৰুল ইছলাম নামৰ এজন ছয় বছৰীয়া ল'ৰা নিজৰ খুৰাকৰ আক্ৰমণত নিহত হয় বুলি বিষয়াজনে কয় । আনহাতে, উক্ত ঘটনাত নজৰুল ইছলামৰ মাতৃ নাজমা খাতুন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে । মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা গুৰুতৰ বুলি জনোৱা হৈছে ।