নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ :উত্তৰ প্ৰদেশৰ কানপুৰৰ চাকেৰী অঞ্চলত পুনৰ ছয়জন ব্যক্তি আক্ৰান্ত হৈছে জিকা ভাইৰাছত ৷ ৰাজ্যখনৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ লেবৰেটৰীত দেওবাৰে কৰা পৰীক্ষাত চাৰিগৰাকী মহিলাৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছে ৷
উক্ত ঘটনাৰ পিছতে কানপুৰৰ জিলা দণ্ডাধীশ বিশাখা জি আয়াৰৰ লগতে স্বাস্থ্য বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় ৷ স্বাস্থ্য বিভাগৰ দলটোৱে এতিয়ালৈকে চাকেৰীৰ জিকা ভাইৰাছত আক্ৰান্ত এলেকাৰ পৰা 645 গৰাকী শাৰিৰীকভাৱে অসুস্থ ব্যক্তিৰ নমুনা সংগ্ৰহ কৰিছে ৷
এই নমুনাবোৰ লক্ষ্ণৌৰ কিং জৰ্জৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰ আৰু পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে কানপুৰৰ কাঞ্চীৰাম চিকিৎসালয়ত এটা বিশেষ ৱাৰ্ড স্থাপন কৰি আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে ৷