নেশ্যনেল ডেস্ক, 31 অক্টোবৰ: এতিয়াও মাৰ যোৱা নাই গুজৰাট কাণ্ডৰ উত্তেজনা (Bridge accident in Gujarat)৷ দেওবাৰে সন্ধিয়া গুজৰাটত সংঘটিত হোৱা এক শোকাৱহ ঘটনাত এতিয়ালৈ শিশু মহিলাসহ 134 গৰাকী লোক মৃত্যুৰ মুখত পৰিছে ( 134 people lost their lives)৷ ৰাজ্যখনৰ মৰ্বি চহৰৰ মাচ্চু নদীৰ ওপৰত থকা প্ৰায় শতিকা পুৰণি এখন ওলমা দলং ভাঙি পৰিছিল (Bridge accident in Morbi)৷
বিগত চাৰিদিন পূৰ্বে দলংখন ৰাইজৰ বাবে পুনৰ মুকলি কৰাৰ পাছত দলংখনত যথেষ্ট লোকৰ ভিৰ হোৱাৰ ফলতে দেওবাৰে সন্ধিয়া ৬.৩০ বজাৰ ওচৰত দলংখন ছিগি যোৱা বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । মন কৰিবলগীয়া যে দীপাৱলীৰ ছুটী আৰু দেওবাৰ হোৱাৰ বাবে পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ স্থান দলংখনত পৰ্যটকৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ।
এতিয়ালৈকে মৰবিৰ দলং দুৰ্ঘটনাত ১৩৪ জন লোকৰ মৃত্যু হৈছে৷ ইটিভি ভাৰতে আজি ভুক্তভোগীৰ পৰিয়ালৰ সৈতে কথা পাতিছিল ৷ তেওঁলোকে জনোৱা অনুসৰি মীৰাৰ পৰিয়ালৰ ছয়জন সদস্যৰো এই ঘটনাত মৃত্যু হৈছে ৷ এতিয়াও এই ঘটনাত আঠজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে ৷
এই ঘটনাৰ পিছতে পৰিয়ালটোত অথন্তৰ ঘটিছে ৷ উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ সময়ত মীৰা পৰিয়ালৰ প্ৰায় ৩৫ জন সদস্যই এই দলংখন চাবলৈ গৈছিল (Meera family have died)৷
মৃত লোকসকল হৈছে-
নাফিচবেন মেহবোভাই মীৰা (19)