নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: ৪৮ ঘণ্টাত মধ্য প্ৰদেশৰ শ্বাহদল চৰকাৰী হাস্পতালত ৬ টাকৈ নৱজাতকৰ মৃত্যু হোৱাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়া হৈছে । দেওবাৰে ৫ টা দেৱশিশু মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে । সোমবাৰে পুৱা পুনৰ এটি শিশুৰ মৃত্যু হয় । হাস্পতাল কৰ্তৃপক্ষৰ হেমাহিতে ৬ টাকৈ দেৱশিশুৰ প্ৰাণ যোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু হাস্পতালৰ পৰিচালক আৰু স্বাস্থ্য বিষয়াসকলে নানা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে ।
দেওবাৰে মৃত্যু হোৱা নৱজাতকৰ পৰিয়ালে অভিযোগ তুলিছে যে, জন্মৰ পিছত চিকিৎসকে শিশুৰ উপযুক্ত চিকিৎসা কৰা নাছিল আৰু পৰিয়ালৰ লোকক সদ্যোজাত শিশুকেইটা চোৱাতো বাধা আৰোপ কৰিছিল । অৱশ্যে, হাস্পতাল কৰ্তৃপক্ষই কয় যে, শিশুকেইটাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আছিল । শ্বাহদলৰ মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া ৰাজেশ পাণ্ডেই কয় যে, নৱজাতকৰ মৃত্যু সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু যদি হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ প্ৰমাণ হয়, তেন্তে বিভাগীয় বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এখন তদন্ত কমিটীও গঠন কৰি দিয়া হৈছে ।