নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল : বুধবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ এলুৰু জিলাৰ এটা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড(Massive fire accident in Eluru district)ৰ ঘটনা সংঘটিত হৈছে । অগ্নিকাণ্ডটোত ৬ জন লোকে নিহত হোৱাৰ বিপৰীতে ১৩ জন লোক গুৰুতৰভাৱে আহত হয় । ৰাসায়নিক কাৰখানাটোৰ ৪ নং ইউনিটত সংঘটিত হৈছিল এই অগ্নিকাণ্ড(Fire at chemical factory) ।
এই ঘটনাত অগ্নিদগ্ধ হৈ ৫ জনকৈ লোক থিতাতে নিহত হয় । আন এজনক চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু ঘটে । আনহাতে আহত সকলক নুজিভিডু চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও গুৰুতৰভাৱে আহত সকলক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বিজয়ৱাড়ালৈ প্ৰেৰণ কৰা হয় । তথ্য অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ সময়ত কাৰখানাটোত ১৫০ জন লোকে কাম কৰি আছিল(150 are working in the unit in shifts) ।
এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় । ঘটনাস্থলীত এলৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । কিন্তু অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানেও পোহৰলৈ অহা নাই ৷ লগতে উদ্ধাৰ হোৱা নাই মৃতকৰ পৰিচয় । কাৰখানাটোত এক বিশেষ ফাৰ্মাচিউটিকেল উদ্যোগত ব্যৱহাৰৰ হোৱা এক পাউডাৰ নিৰ্মাণ কৰি থকা হৈছিল ।
ইফালে কাৰখানাৰ স্বত্বাধিকাৰীৰ অৱহেলাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে শ্ৰমিকসকলে । তেওঁলোকে অভিযোগ কৰে যে, অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত কাৰখানাটোৰ গেটসমূহ খুলিব নোৱাৰাত তেওঁলোক পুনৰ কাৰখানাটোৰ ভিতৰলৈ যাবলৈ বাধ্য হৈছিল । দুৰ্ঘটনাটোৰ পাছত এম্বুলেঞ্চক খবৰ নিদিয়া বুলিও মালিকপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে ।
লগতে পঢ়ক:কাৰাউলি ভ্ৰমণৰ সময়ত আটক বিজেপি সাংসদ তেজস্বী সূৰ্য