নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী :সমগ্ৰ দেশতে ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে । মহাৰাষ্ট্ৰত ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণে ভয়াৱহ ৰূপ লৈছে (Omicron cases increase in Maharashtra) ।
এনে পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ লাতুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Tragic road accident in Maharastra) । দেওবাৰে পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত দুৰ্ঘটনাটোত ৬ গৰাকী লোক থিতাতে নিহত হয় ।
বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৬ জন অম্বাজোগাই-লাতুৰ পথৰ বৰদাপুৰৰ সমীপত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত ৬ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ১০ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।
আহতসকলক অম্বাজোগাইৰ স্বৰাটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :Delhi-NCR witness Heavy Rainfall : ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত