আগৰতলা, 2 মাৰ্চ :ত্ৰিপুৰা আৰক্ষীয়ে সোমবাৰে নিশা গোপন সূত্ৰৰ ভিত্তিত ছয়জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে । ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া উপ-সংমণ্ডলৰ অন্তৰ্গত ৰিচিয়ামুখ গাঁৱৰ ভাৰত-বাংলাদেশ সীমান্তৰ (Indo-Bangladesh border at Rishyamukh village) মাজেৰে ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিককেইজনে ৷
বেলোনিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া স্মৃতি কান্তাবৰ্ধনে সদৰী কৰা অনুসৰি, নিশা প্ৰায় ৯ বজাত ৰিচ্যমুখ আউটপষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ কালিকাপুৰ গাঁৱত এই অভিযান চলাইছিল ৷ আটকাধীন বাংলাদেশী নাগৰিককেইজন সীমান্তৰ ওচৰৰ এটা ঘৰত আশ্ৰয় লৈ আছিল ।
ত্ৰিপুৰাত ছয়জন বাংলাদেশী নাগৰিক আটক আৰক্ষীৰ প্ৰাথমিক জেৰাৰ সময়ত তেওঁলোক কোনো বৈধ নথিপত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল ৷ তদুপৰি বাংলাদেশী আগতো তেওঁলোক বাংলাদেশী নাগৰিক হোৱাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ লগতে বাংলাদেশী নাগৰিক কেইজনক ভাৰতীয় পাছপোৰ্ট আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ(Arrested under the Indian Passport Act) কথা সদৰি কৰাৰ লগতে বেলোনিয়া আদালতত হাজিৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আটকাধীন বাংলাদেশী নাগৰিককেইজন ক্ৰমে কীৰ্তন দাস, হিমান দাস, সৌৰভ দাস, কৌশিক দাস, বিশ্বজিৎ দাস আৰু সুব্ৰত দাস বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁলোক বাংলাদেশৰ সুনামগঞ্জৰ বাসিন্দা বুলি জানিব পৰা গৈছে । তেওঁলোকে কামৰ সন্ধানত ভাৰতলৈ অহাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে আদালতে তেওঁলোকক সাত দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক :বিজ্ঞানক গাঁওসমূহলৈ লৈ যোৱাৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ