নেচনেল ডেস্ক, 12 মাৰ্চ:ৰাজধানী চহৰ দিল্লীৰ ববৰপুৰ অঞ্চলত শূণ্যত বুলেট ফায়াৰিঙ কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে 6 জনকৈ লোক আটক কৰিছে ৷ জানিব পৰা মতে অতি শেহতীয়াকৈ দুস্কৃতিকাৰী কেইজনে সংঘটিত কৰা এই ঘটনাৰ ভিডিঅ' বিয়পি পৰিছিল ৷
দিল্লী আৰক্ষীৰ মতে 6 জনৰ মাজৰ এজন অভিযুক্ত ফইজলে কোনো বন্ধুৰ জামিনৰ বাবে ই-ৰিক্সাৰ ব্যৱসায় চলোৱা দীপক নামৰ এগৰাকী লোকৰ পৰা 20,000 টকা দাবী কৰিছিল ৷ অভিযোগ অনুসৰি ফইজলৰ কথাত দীপক সন্মত নোহোৱাৰ পাছতে তেঁওক ভাবুকি দিয়া হয় ৷ পাছত প্ৰায় আধা ডজন লোকে তেঁওৰ ঘৰলৈ গৈ শূণ্যত ফায়াৰিঙ কৰে ৷